শুভংকৰ
From Wikipedia, the free encyclopedia
শুভংকৰ (ইংৰাজী: mascot) হৈছে কোনো ব্যক্তি, জন্তু বা অন্যকোনো বস্তু, যিয়ে সৌভাগ্য কঢ়িয়াই অনা বুলি বিশ্বাস কৰা হয় বা যিকোনো দল যেনে শিক্ষানুষ্ঠান, পেছাদাৰী খেলুৱৈৰ দল, সমিতি, সেনা দল বা ব্ৰেণ্ড নাম আদিৰ ৰাজহুৱা পৰিচয় বহন কৰে।
উপভোক্তা পণ্যৰ বাবে কাল্পনিক প্ৰতিনিধি মুখপাত্ৰ হিচাপে শুভংকৰৰ প্ৰয়োগ হয়। খেলৰ জগত খনত মাৰ্চেণ্ডাইজিংৰ বাবেও ইয়াৰ ব্যৱহাৰ হয়। সাধাৰণতে ই কোনো দল এটাৰ গোপন নামৰ সৈতে সম্পৰ্কিত।[1]