শালস্তম্ভ ৰাজবংশ
From Wikipedia, the free encyclopedia
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে।[1] তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে।[1] এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ একৈশজন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক ম্লেছৰাজ বোলা হৈছে।[1][2] ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক।[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল। এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল।
কামৰূপ ৰাজ্য শালস্তম্ভ বংশ | ||||
| ||||
ৰাজধানী | হাৰুপেশ্বৰ (বৰ্তমানৰ তেজপুৰৰ ওচৰত) | |||
ধৰ্ম | হিন্দু ধৰ্ম | |||
চৰকাৰ | Monarchy | |||
মহাৰাজধিৰাজ | ||||
- ৬৫০ – ৬৭৫ খ্ৰীষ্টাব্দ | শালস্তম্ভ | |||
- ৮১৫ – ৮৩৫ খ্ৰীষ্টাব্দ | হজ্জৰবৰ্মা | |||
- ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ | ত্যাগসিংহ | |||
ইতিহাস | ||||
- স্থাপিত | ৬৫০ খ্ৰীষ্টাব্দ | |||
- পতন | ৯৯০ খ্ৰীষ্টাব্দ | |||
Warning: Value specified for "continent" does not comply |
কিছুমান বুৰঞ্জীবিদৰ মতে, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালে এওঁলোকক দক্ষিণ আৰু পূব দিশে খেদি পঠিয়ায়। পাছত এই বংশৰ কোনো লোকে পূবে শদিয়াত চুতীয়া ৰাজ্য আৰু দক্ষিণে ডিমাপুৰত কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।[3]