শাম্মী কাপুৰ
From Wikipedia, the free encyclopedia
শাম্মী কাপুৰ (হিন্দী: शम्मी कपूर, ইংৰাজী: Shammi Kapoor; জন্মঃ ২১ অক্টোবৰ, ১৯৩১ - মৃত্যুঃ ১৪ আগষ্ট, ২০১১) আছিল ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫০ আৰু ১৯৬০ ৰ দশকত হিন্দী চিনেমাৰ জগতত তেওঁ আছিল অত্যন্ত জনপ্ৰিয়, শীৰ্ষস্থানীয় চিত্ৰতাৰকা শিল্পী আৰু প্ৰভাৱশালী ব্যক্তিত্ব। মুম্বাইত জন্মগ্ৰহণকাৰী শাম্মী কাপুৰৰ ঘৰুৱা নাম আছিল শ্যামশেৰ ৰাজ কাপুৰ। তেওঁৰ পিতৃ পৃথ্বীৰাজ কাপুৰ আছিল বিশিষ্ট চলচ্চিত্ৰ তাৰকা আৰু থিয়েটাৰৰ অভিনেতা। তিনি ককাই-ভাইৰ মাজত তেখেতৰ স্থান আছিল দ্বিতীয়। ডাঙৰ ককায়েক ৰাজ কাপুৰ আৰু সৰু ভায়েক শশী কাপুৰ। তিনিও ককায়েক-ভায়েকে সফলতম অভিনেতা হিচাপে পৰিচয় পাইছিল। দেউতাক চলচ্চিত্ৰ আৰু থিয়েটাৰৰ লগত যুক্ত থকাত শৈশৱৰ অনেক সময়েই অতিবাহিত কৰে কলকাতাত। তাত তেওঁ কিণ্ডাৰগাৰ্টেনত ভৰ্তি হয়। মুম্বাইলৈ উভতি প্ৰথমে ওয়াদালা'ৰ চেণ্ট জোচেফ কনভেণ্ট আৰু পাছত মাতুঙ্গা'ৰ ডন বস্ক’ বিদ্যালয়ত ভৰ্তি হয়। হিউজেচ ৰ’ডৰ নিউ এৰিয়া বিদ্যালয়ৰ মাধ্যমেৰে বিদ্যালয় পৰ্ব সমাপণ কৰে শাম্মী কাপুৰে।
শাম্মী কাপুৰ | |
---|---|
জন্ম | শ্যামশেৰ ৰাজ কাপুৰ ২১ অক্টোবৰ, ১৯৩১ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
মৃত্যু | ১৪ আগষ্ট, ২০১১ (৭৯ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[1] |
সক্ৰিয় হৈ থকা সময় | ১৯৫২ - ২০১১ |
উচ্চতা | 6 ফুট 0 ইঞ্চি (1.83 মিটাৰ)[2] |
দাম্পত্যসঙ্গী | গীতা বালী (১৯৫৫ - ১৯৬৫) নীলা (১৯৬৯ - ২০১১) |
ৱেবছাইট | |
junglee.org.in |
শাম্মী কাপুৰ আছিল হিন্দী চলচ্চিত্ৰ জগতৰ চিৰ সেউজীয়া তাৰকাসকলৰ এজন। প্ৰকৃতপক্ষে নায়ক হিচাপে তেওঁ ১৯৫০ দশকৰ শেষাৰ্ধৰ পৰা ১৯৬০ ৰ দশক পৰ্যন্ত শীৰ্ষস্থানীয় অভিনেতা আছিল।