শাক-পাচলি
খাদ্যোপযোগী বা ৰন্ধনত অন্তৰ্ভুক্ত উদ্ভিদ বা উদ্ভিদৰ অংশ / From Wikipedia, the free encyclopedia
শাক-পাচলি (ইংৰাজী: Vegetable) হৈছে উদ্ভিদৰ এনেবোৰ অংশ যিবোৰ মানুহ বা আন প্ৰাণীয়ে খাদ্য হিচাপে গ্ৰহণ কৰে। উদ্ভিদৰ ফুল, ফল, কাণ্ড, পাত, শিপা আৰু বীজকে ধৰি সকলো খোৱা পদাৰ্থ বুজাবলৈ সামূহিকভাৱে শাক-পাচলি শব্দটো ব্যৱহাৰ কৰা হয়। সেউজীয়া পাতযুক্ত পাচলিক শাক বোলা হয়। ৰন্ধন আৰু সাংস্কৃতিক পৰম্পৰাৰ ভিত্তিত শব্দটোৰ এক বৈকল্পিক সংজ্ঞাও ব্যৱহাৰ কৰা হয়। তেনে সংজ্ঞাত উদ্ভিদৰ পৰা আহৰণ কৰা কিছু ফল, ফুল, বাদাম আৰু শস্য অন্তৰ্ভুক্ত নহ'বও পাৰে, কিন্তু ইয়াৰ ব্যতিক্ৰম হ'ব পাৰে কিছু সুস্বাদু ফল, যেনে- বিলাহী আৰু কাৰ্গেট, ফুল যেনে ব্ৰক'লি, আৰু মাহজাতীয় শস্যৰ বীজ।
কৃষিৰ আগমনৰ আগতে মানুহ চিকাৰ কৰি বা সংগ্ৰহ কৰি আহাৰ গোটাইছিল। তেওঁলোকে খোৱা ফল, কাণ্ড, পাত, মৃত জন্তু আদি বিচাৰি সংগ্ৰহ কৰিছিল আৰু জীৱিত জন্তু চিকাৰ কৰিছিল।[1] জংঘলত অবাঞ্ছিত প্ৰজাতিৰ উদ্ভিদবোৰ আঁতৰাই উপযোগী উদ্ভিদৰ প্ৰজাতিবোৰ চিনাক্ত কৰি বাঢ়িব দিয়াৰ প্ৰক্ৰিয়াকে প্ৰথম কৃষিৰ উদাহৰণ বুলি ধাৰণা কৰা হয়। ইয়াৰ পাছত ডাঙৰ ফল আৰু তেজী বিকাশৰ দৰে আকাংক্ষিত বৈশিষ্ট্যৰ সৈতে প্ৰকাৰ বাছনিৰ জৰিয়তে উদ্ভিদৰ প্ৰজনন কৰা হয়।[2] মধ্যপ্ৰাচ্যৰ উৰ্বৰ ভূমিত ঘেঁহু আৰু বাৰ্লিৰ দৰে তৃণজাতীয় উদ্ভিদক ঘৰুৱাকৰণ কৰাৰ প্ৰথম প্ৰমাণ পোৱা যায় যদিও এয়া অনুমান কৰা হয় যে সম্ভৱতঃ বিশ্বৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টপূৰ্ব ১০,০০০-ৰ পৰা ৭,০০০-লৈ শস্য খেতি আৰম্ভ হয়।[3]
প্ৰথমে, স্থানীয়ভাৱে গজা উদ্ভিদবোৰৰ খেতি কৰা হৈছিল, কিন্তু সময় সৈতে বাণিজ্যৰ প্ৰসাৰৰ ফলত আন ঠাইৰ পৰা অনা বিদেশী শস্যয়ো কৃষিত স্থান পালে। আজিকালি, জলবায়ুৰ হিচাপে বেছিভাগ শাক-পাচলি সমগ্ৰ বিশ্বতে খেতি কৰা হয় ; আৰু কম উপযুক্ত জলবায়ুৰ অঞ্চলত সুৰক্ষিত পৰিৱেশত খেতি কৰা হয়। চীন হৈছে শাক-পাচলিৰ সৰ্ববৃহৎ উৎপাদক। ইয়াৰ পিছতে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, তুৰস্ক, ইৰান আৰু ইজিপ্তৰ স্থান। কৃষিজাত সামগ্ৰীৰ বিশ্বব্যাপী বাণিজ্যৰ ফলত গ্ৰাহকসকলকে দূৰৱৰ্তী দেশবোৰত খেতি কৰা শাক-পাচলি ক্ৰয় কৰিবলৈ সক্ষম হয়। শাক-পাচলিৰ উৎপাদনৰ মাত্ৰাত বিবিধতা দেখা যায়: এফালে জীৱিকা কৃষকসকলে তেওঁলোকৰ পৰিয়ালৰ খাদ্যৰ প্ৰয়োজনীয়তা যোগান ধৰিব পৰাকৈ খেতি কৰে, আনফালে বৃহৎ কৃষি ব্যৱসায় প্ৰতিষ্ঠানবোৰে কেইবা একৰো ভূমিত কেৱল এবিধ শস্যৰ খেতি কৰে। জীৱিকা কৃষি (Subsistence agriculture) আজিও আফ্ৰিকা, এছিয়া, দক্ষিণ আমেৰিকা আৰু আন ঠাইত অব্যাহত আছে, য'ত বহুতো গ্ৰাম্য কৃষকে তেওঁলোকৰ পৰিয়ালৰ বাবে পৰ্যাপ্ত খাদ্য উৎপাদন কৰিবলৈ নিজৰ ভূমিত খেতি কৰে আৰু বাছি থকা যিকোনো অতিৰিক্ত সামগ্ৰী আন সামগ্ৰীৰ বিনিময়ত আদান-প্ৰদান কৰে।[4]
শাক-পাচলিক কেঁচাকৈ বা ৰান্ধি খাব পাৰি আৰু ই মানুহৰ পুষ্টিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শাক-পাচলিত সচৰাচৰ চৰ্বী আৰু শৰ্কৰা কম থাকে, কিন্তু ভিটামিন, খনিজ পদাৰ্থ আৰু আহাৰৰ আঁহ অধিক থাকে।[5] শাক-পাচলিবোৰে আহাৰৰ আঁহ যোগান ধৰে আৰু ই হৈছে অত্যাৱশ্যকীয় ভিটামিন, খনিজ পদাৰ্থৰ গুৰুত্বপূৰ্ণ উৎস, তাৰ ভিতৰত উল্লেখযোগ্য হৈছে এণ্টিঅক্সিডেণ্ট ভিটামিন এ, চি আৰু ই। পুষ্টিবিদসকলে লোকসকলক যথেষ্ট পৰিমাণে ফল আৰু পাচলি খাবলৈ উদগনি দিয়ে, প্ৰতিদিনে পাঁচ বা ততোধিক অংশ শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়ে। ভাৰতত প্ৰাপ্তবয়স্কসকলক দৈনিক ২৭৫ গ্ৰাম শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়া হয়।[6] যেতিয়া আহাৰত শাক-পাচলি অন্তৰ্ভুক্ত থাকে তেতিয়া কৰ্কট ৰোগ, ষ্ট্ৰ'ক, ৰক্ত সংবহনতন্ত্ৰৰ ৰোগ আৰু অন্যান্য দীৰ্ঘম্যাদী ৰোগ হ্ৰাস হোৱা দেখা যায়।[6][7][8] গৱেষণাই দেখুৱাইছে যে, প্ৰতিদিনে তিনি অংশতকৈ কম পৰিমাণৰ ফল আৰু শাক-পাচলি খোৱা ব্যক্তিৰ তুলনাত যিসকলে পাঁচ অংশ বা তাতোধিক খায় তেওঁলোকৰ কৰোনেৰী হৃদৰোগ বা ষ্ট্ৰ'ক হোৱাৰ আশংকা প্ৰায় ২০ শতাংশ কম।[9]