শশী কাপুৰ
From Wikipedia, the free encyclopedia
শশী কাপুৰৰ ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্ম হয়। জন্মৰ সময়ত তেখেতৰ নাম আছিল বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ। শশী কাপুৰ ভাৰতৰ চলচ্চিত্ৰ সাম্ৰাজ্য বলিউদৰ বিখ্যাত কাপুৰ পৰিয়ালৰ এগৰাকী সদস্য। তেখেত এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক আৰু দাদা চাহেব বঁটা বিজেতা। তেখেতে হিন্দী ছবিৰ উপৰিও ইংৰাজী ছবিতো অভিনয় কৰিছে। তেখেতে বহুকেইখন চলচ্চিত্ৰৰ পৰিচালক আৰু সহকাৰী পৰিচালক আছিল।[2]
শশী কাপুৰ | |
---|---|
জন্ম | বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ ১৮ মাৰ্চ ১৯৩৮[1] কলকাতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান কলকাতা, পশ্চিম বঙ্গ, ভাৰত) |
মৃত্যু | ৪ ডিচেম্বৰ ২০১৭ কোকিলাবেন হস্পিটেল, মুম্বাই, মহাৰাষ্ট্ৰ |
বাসগৃহ | মুম্বাই, মহাৰাষ্ট্ৰ |
অন্য নাম | বলবীৰ শশীৰাজ বলবীৰ ৰাজ |
পেচা | অভিনেতা, পৰিচালক, প্ৰযোজক |
সক্ৰিয় হৈ থকা সময় | ১৯৪১-১৯৯৯ (অৱসৰ গ্ৰহণ) |
দাম্পত্যসঙ্গী | জেনিফাৰ কেণ্ডেল ১৯৫৪-১৯৮৪ জেনিফাৰৰ মৃত্যু পৰ্যন্ত |
পিতৃ-মাতৃ | পৃথ্বীৰাজ কাপুৰ (পিতৃ) ৰামসৰণী কাপুৰ (মাতৃ) |
সন্তান | কুনাল কাপুৰ (অভিনেতা) কৰণ কাপুৰ সঞ্জনা কাপুৰ |
আত্মীয়-স্বজন | ৰাজ কাপুৰ (ভাতৃ) শাম্মী কাপুৰ (ভাতৃ) (লগতে চাওক: কাপুৰ পৰিয়াল) |
২০১১ চনত কলাত্মক চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰে।[3] ২০১৫ চনৰ ৯ মে'ৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে তেখেতক মুম্বাইত ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ২০১৪ চনৰ দাদা চাহেব বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা কাপুৰ পৰিয়ালৰ তেখেত তৃতীয় সদস্য। ইয়াৰ আগতে পৃথ্বীৰাজ কাপুৰ আৰু ৰাজ কাপুৰে এই বঁটা লাভ কৰিছিল।[4]
২০১৭ চনৰ ৪ ডিচেম্বৰ তাৰিখে মুম্বাইৰ কোকিলাবেন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে।