শচীন তেণ্ডুলকাৰ
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ / From Wikipedia, the free encyclopedia
শচীন ৰমেশ তেণ্ডুলকাৰ (ইংৰাজী: Sachin Ramesh Tendulkar; জন্ম: ২৪ এপ্ৰিল ১৯৭৩) স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিগণিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ।[3][4] ১১ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা টেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলে ১৬ বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে। পৰবৰ্তী প্ৰায় ২৪ বছৰলৈ জাতীয়ভাৱে তেওঁ মুম্বাইক আৰু আন্তৰ্জাতিকভাৱে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
২০১৩ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এটা বঁটা বিতৰণী অনুষ্ঠানত তেণ্ডুলকাৰ। | ||||
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | শচীন ৰমেশ তেণ্ডুলকাৰ | |||
জন্ম | ২৪ এপ্ৰিল, ১৯৭৩ (৫১ বছৰ)[1] মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত | |||
উপনাম | মাষ্টাৰ ব্লাষ্টাৰ, Tendlya, Maestro, God of Cricket, Genius, লিটল মাষ্টাৰ[2] | |||
বেটিং শৈলী | সোঁহতীয়া | |||
বলিং শৈলী | সোঁহতীয়া leg spin, off spin, medium pace | |||
ভূমিকা | বেটচমেন | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | ভাৰত | |||
টেষ্ট অভিষেক (কেপ ১৮৭) | ১৫ নৱেম্বৰ ১৯৮৯ বনাম পাকিস্তান | |||
অন্তিম টেষ্ট | ১৪ নৱেম্বৰ ২০১৩ বনাম ৱেষ্ট ইণ্ডিজ | |||
অ'ডিআই অভিষেক (কেপ ৭৪) | ১৮ ডিচেম্বৰ ১৯৮৯ বনাম পাকিস্তান | |||
অন্তিম অ'ডিআই | ১৮ মাৰ্চ ২০১২ v পাকিস্তান | |||
অ'ডিআই চোলা নং. | ১০ | |||
Only T20I (কেপ ১১) | ১ ডিচেম্বৰ ২০০৬ বনাম দক্ষিণ আফ্ৰিকা | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
১৯৮৮ | ক্ৰিকেট ক্লাব অফ ইণ্ডিয়া | |||
১৯৮৮-২০১৩ | মুম্বাই | |||
১৯৯২ | Yorkshire | |||
২০০৮-২০১৩ | মুম্বাই ইণ্ডিয়ানচ | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | Test | ODI | FC | LA |
মুঠ খেল | 200 | 463 | 310 | 551 |
ৰাণ | 15,921 | 18,426 | 25,396 | 21,999 |
বেটিং গড় | 53.79 | 44.83 | 57.92 | 45.54 |
শতক/অৰ্ধশতক | 51/68 | 49/96 | 81/116 | 60/114 |
সৰ্বোচ্চ ৰাণ | 248* | 200* | 248* | 200* |
বল | 4,240 | 8,054 | 7,563 | 10,230 |
উইকেট | 46 | 154 | 71 | 201 |
বলিং গড় | 54.17 | 44.48 | 62.18 | 42.17 |
এটা ইনিংছত ৫টা উইকেট | 0 | 2 | 0 | 2 |
এখন খেলত ১০টা উইকেট | 0 | n/a | 0 | n/a |
শ্ৰেষ্ঠ বলিং | 3/10 | 5/32 | 3/10 | 5/32 |
কেচ্চ/ষ্টাম্পিং | 115/– | 140/– | 186/– | 175/– |
উৎস: http://www.espncricinfo.com/ci/content/player/35320.html Cricinfo, 15 November 2013 |
তেণ্ডুলকাৰ এশ আন্তৰ্জাতীক শতক সম্পূৰ্ণ কৰা আৰু এদিনীয়া আন্তৰ্জাতীকত দ্বিশতক অৰ্জন কৰা প্ৰথম আৰু আন্তৰ্জাতীক ক্ৰিকেটত ৩৪,০০০ ৰাণ অৰ্জন কৰা (এতিয়ালৈকে - ২০১৩ নভেম্বৰ) একমাত্ৰ ক্ৰিকেট খেলুৱৈ।[5][6][7][8] ২০১৩ চনৰ ৫ অক্টোবৰ তাৰিখত তেওঁ সকলো ধৰণৰ মান্যতাপ্ৰাপ্ত (ইংৰাজী: First-class cricket), (ইংৰাজী: List A cricket) আৰু (ইংৰাজী: Twenty20) combined) ক্ৰিকেটত ৫০,০০০ ৰাণ অৰ্জন কৰা ষোড়শ (১৬শ) ক্ৰিকেটাৰ আৰু প্ৰথম ভাৰতীয়।[9][10][11]
২০০২ চনত উইজডেন ক্ৰিকেটাৰচ আলমানাকে শচীনক ডন ব্ৰেডমেনৰ পাচতে সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ টেষ্ট বেটচমেন আৰু ভিভ ৱিচাৰ্ডচৰ পাচতে সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটৰ বেটচমেন আখ্যা দিয়ে।[12] কেৰীয়াৰৰ পাচৰ দশাত শচীন ২০১১ ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ আছিল। তেওঁ এই শৃংখলাসমূহত ভাৰতৰ হৈ ৬ বাৰ অংশ লৈছিল।[13] ইয়াৰ আগতে তেওঁ দক্ষিণ আফ্ৰিকাত হোৱা ২০০৩ ক্ৰিকেট বিশ্বকাপত "প্লেয়াৰ অফ ডা টুৰ্ণামেণ্ট" পদক লাভ কৰে। অক্টোবৰ ২০১৩ত তেওঁ উইজডেন ক্ৰিকেটাৰচ আলমানাকৰ ১৫০তম বৰ্ষপূৰ্তী উপলক্ষে নামকৰণ কৰা এক সৰ্বকালৰ শ্ৰেষ্ঠ বিশ্ব টেষ্ট ক্ৰিকেট একাদশ দলৰ একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ হিচাবে নিৰ্বাচিত কৰা হয়।[14][15][16][17] ক্ৰীড়াত উৎকৰ্ষৰ বাবে টেণ্ডুলকাৰক ১৯৯৪ চনত অৰ্জুন পুৰস্কাৰ, ১৯৯৯ চনত ভাৰতৰ ৪ৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম শ্ৰী, ২০০৮ত ২য় ভাৰতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰেৰে বিভূষিত কৰা হয়। তেওঁ ২০১০ চনত আই চি চি পুৰস্কাৰ সমাৰোহত বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ চাৰ গাৰফিল্ড চ'বাৰ্চ পুৰস্কাৰ লাভ কৰে।[18]
২০১২ চনত তেণ্ডুলকাৰক ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্য সভাৰ সদস্য মনোনীত কৰা হয়। .[19] ভাৰতীয় বায়ুসেনাৰ দ্বাৰাও তেখেতক কোনো উৰণ সম্পৰ্কীয় অভিজ্ঞতা নথকাকৈয়ে প্ৰথম ক্ৰীড়াবিদ হিচাবে সন্মানসূচক (honorary) গ্ৰুপ কেপ্টেইন পদত নিযুক্তি দিয়ে। ১০১২ চনত তেওঁক সন্মানসূচক মেম্বাৰ অফ অৰ্ডাৰ অফ অষ্ট্ৰেলীয়া উপাধি প্ৰদান কৰা হয়।[20].
ডিচেম্বৰ ২০১২ চনত টেণ্ডুলকাৰে এদিনীয়া আন্তৰ্জাতীক খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।[21][22][23][24] মে ২০১৩ত তেওঁ টুৱেণ্টী20 বিধৰ (format) পৰা অৱসৰ লয়।
টেষ্ট খেলৰপৰা অৱসৰ লোৱাৰ ইচ্ছা তেওঁ ২০১৩ৰ অক্টোবৰত ঘোষণা কৰে।[25] ১৬ নবেম্বৰ ২০১৩ত তেওঁ ২০১৩-১৪ৰ ভাৰত ভ্ৰমণৰত ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেট দলৰ বিৰুদ্ধে ২য় আৰু স্বকীয় ২০০ তম টেষ্ট ক্ৰিকেটখন খেলি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেট জীৱনৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰে।[26][27][28]
খেলখন সম্পূৰ্ণ হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰপৰা টেণ্ডুলকাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হয়। এই সন্মান লাভ কৰা শচীনেই এতিয়ালৈকে (নভঃ ২০১৩) সৰ্বকনিষ্ঠ ভাৰতীয় আৰু প্ৰথম ক্ৰীড়াবিদ।[29][30]