শংকুৰাজ কোঁৱৰ
ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী আৰু ইউটিউবাৰ / From Wikipedia, the free encyclopedia
শংকুৰাজ কোঁৱৰ (ইংৰাজী: Shankuraj Konwar) এগৰাকী ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী আৰু ইউটিউবাৰ। তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।[1] ২০১৯ চনত তেওঁ 'কি বেদনাতে' শীৰ্ষক গীতটি 'প্ৰজেক্ট বাৰ্তালাপ' নামৰ ইউটিউব চেনেলত মুকলি কৰে। অথচ 'জলপ্ৰপাত' শীৰ্ষক গীতটিৰ মুক্তিলাভৰ পাছতহে তেওঁ নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰে। ২০২২ চনৰ ২২জুনত তেওঁৰ জনপ্ৰিয় অসমীয়া গীত অলকানন্দাৰ হিন্দী সংস্কৰণ মুকলি কৰে।
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |