লৱণ
আয়নীয় বান্ধনীৰ সৈতে জড়িত ৰাসায়নিক যৌগ / From Wikipedia, the free encyclopedia
লৱণ (ইংৰাজী: Salt (chemistry)) হৈছে অম্ল আৰু ক্ষাৰৰ প্ৰশমন বিক্ৰিয়াৰ ফলত উৎপাদিক হোৱা একপ্ৰকাৰৰ আয়নিত ৰাসায়নিক যৌগ। লৱণবোৰত বৈদ্যুতিক ভাৱে প্ৰশম (সামগ্ৰিকভাৱে আধানহীন) হৈ থকাকৈ সমতুল সংখ্যাৰ কেটায়ন (ধনাত্মক আয়ন) আৰু এনায়ন (ঋণাত্মক আয়ন) লগলাগি গঠিত হয়। এনে আয়নসমূহ ক্ল'ৰাইডৰ (Cl-) দৰে অজৈৱিক, বা এচিটেটৰ (CH৩CO২-) দৰে জৈৱিক; আৰু ফ্ল'ৰাইডৰ দৰে এটা অনুবিশিষ্ট (F-), অথবা ছালফেটৰ (SO৪২-) বহু অনুবিশিষ্ট হ'ব পাৰে।
বিভিন্ন প্ৰকাৰৰ লৱণ আছে।
- ক্ষাৰকীয় লৱণ: পানীত দ্ৰৱীভূত হ'লে হাইড্ৰ'ক্সাইড আয়ন উৎপন্ন কৰে;
- আম্লিক লৱণ: পানীত দ্ৰৱিভূত হৈ হাইড্ৰ'ণিয়াম আয়ন উৎপন্ন কৰে; আৰু
- প্ৰশম লৱণ: যিবোৰ ক্ষাৰকীয় বা আম্লিক লৱণ নহয়।
- জুৱিটেৰিয়ন (Zwitterion) হৈছে, একেটা অনুতেই এটা এনায়নিক কেন্দ্ৰ আৰু এটা কেটায়নিক কেন্দ্ৰ থাকে। ইহঁতক লৱণ বুলি গণ্য কৰা নহয়, যেনে- এমিন' এচিড, বহু মেটাবলাইট (metabolite), পেপ্টাইড, আৰু প্ৰ'টিন।
সাধাৰণতে, মান উষ্ণতা আৰু চাপত অ-দ্ৰৱণীয় লৱণ বোৰ কঠিন, অৱশ্যে ব্যক্তিক্ৰমো দেখা পোৱা যায় (বিগলিত লৱণ আৰু আয়নিত তৰল চাওক)। বিগলিত লৱণ আৰু লৱণ যুক্ত দ্ৰৱ (যেনে- ছডিয়াম ক্ল'ৰাইড দ্ৰৱিভূত হৈ থকা পানী)ক ইলেক্ট্ৰলাইট বোলে, কাৰণ ই বিদ্যুৎ পৰিবহণ কৰিব পাৰে।
দেখা যায় যে, কোষৰ কোষপ্ৰৰস, তেজ, মূত্ৰ, উদ্ভিদ ৰস আৰু লৱণিকৃত পানী, বিভিন্ন মিশ্ৰিত আয়ন যুক্ত পানী, আদিৰ পানী বাষ্পীভূত হোৱাৰ পাছত তাত থকা নিৰ্দিষ্ট লৱণসমূহ গঠিত নহয়, সেয়ে দ্ৰৱিভূত আয়ন সাপেক্ষেহে লৱণ দ্ৰৱটোক বৰ্ণনা কৰা হয়।