লে'ভ লাণ্ডাউ
From Wikipedia, the free encyclopedia
লে'ভ ডেভিড'ভিচ লাণ্ডাউ (২২ জানুৱাৰী ১৯০৮ – ১ এপ্ৰিল ১৯৬৮) এগৰাকী ছ'ভিয়েট পদাৰ্থ বিজ্ঞানী। তেওঁ তাত্বিক পদাৰ্থ বিজ্ঞানৰ বহু ক্ষেত্ৰলৈ মৌলিক অৱদান আগবঢ়াইছিল।[1] তেওঁৰ শ্ৰেষ্ঠ অৱদানসমূহৰ ভিতৰত কোৱাণ্টাম বলবিজ্ঞানৰ ঘনত্ব মেট্ৰিস্ক পদ্ধতিৰ আৱিষ্কাৰ (যুটীয়াভাৱে)[2], দ্বিচুম্বকত্বৰ কোৱাণ্টাম বলবিজ্ঞান তত্ত্ব, অতিতাৰল্যৰ তত্ত্ব, দ্বিতীয় মাত্ৰাৰ দশা অৱস্থান্তৰৰ তত্ত্ব, অতিপৰিবাহিতাৰ গিঞ্জবাৰ্গ-লাণ্ডাউ তত্ত্ব, ফাৰ্মি তৰলৰ তত্ত্ব, প্লাজমা পদাৰ্থ বিজ্ঞানত লাণ্ডাউ ডেম্পিংৰ বিৱৰণ, কোৱাণ্টাম ত্বৰিৎবলবিজ্ঞানৰ লাণ্ডাউ মেৰু আৱিষ্কাৰ, নিউট্ৰিন'ৰ দ্বি-উপাদান তত্ত্ব আদি উল্লেখযোগ্য।[3] অতিতাৰল্যৰ এক গাণিতিক তত্ত্ব বিকাশৰ বাবে তেওঁ ১৯৬২ চনত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। এই তত্ত্ব অনুসৰি ২.১৭ কেলভিন তাপমাত্ৰাৰ তলত তৰল হিলিয়াম ২-ৰ আচৰণক বুজিব পৰা যায়।[4]
লে'ভ লাণ্ডাউ | |
---|---|
জন্ম | লে'ভ ডেভিড'ভিচ লাণ্ডাউ Lev Davidovich Landau ২২ জানুৱাৰী, ১৯০৮ বাকু, ৰুছ সাম্ৰাজ্য |
মৃত্যু | ১ এপ্ৰিল, ১৯৬৮ (৬০ বছৰ) মস্কো, ছ'ভিয়েট সংঘ |
বাসস্থান | ছ'ভিয়েট সংঘ |
নাগৰিকত্ব | ছ'ভিয়েট সংঘ |
ক্ষেত্ৰ | তাত্বিক পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান | খাৰকোভ পলিটেকনিকেল ইনষ্টিটিউট আৰু খাৰকোভ বিশ্ববিদ্যালয় (পাছলৈ খাৰকোভ ইনষ্টিটিউট অৱ ফিজিক্স এণ্ড টেকন'ল'জী) ইনষ্টিটিউট ফৰ ফিজিকেল প্ৰ'ব্লেমছ্ (ৰাছিয়ান একাডেমী অৱ ছায়েন্সেছ) MSU Faculty of Physics |
শিক্ষানুষ্ঠান | বাকু ৰাজ্যিক বিশ্ববিদ্যালয় লেনিনগ্ৰেড ৰাজ্যিক বিশ্ববিদ্যালয় (ডিপ্ল'মা, ১৯২৭) লেনিনগ্ৰেড ফিজিক'-টেকনিকেল ইনষ্টিটিউট (ডক্টৰ অৱ ছায়েন্স, ১৯২৪) |
শৈক্ষিক পৰামৰ্শদাতা | নিলছ্ ব'ৰ |
ডক্তৰেল বিদ্যাৰ্থী | এলেক্সেই এলেক্সেয়েভিচ আব্ৰিক'ছ'ভ আইজাক মাৰ্ক'ভিচ খালাটনিকোভ |
আন উল্লেখযোগ্য বিদ্যাৰ্থী | Evgeny Lifshitz |
জনা যায় | লাণ্ডাউ ডেম্পিং লাণ্ডাউ বিতৰণ লাণ্ডাউ গজ লাণ্ডাউ মেৰু দ্বিচুম্বকত্ব অতিতাৰল্য অতিপৰিবাহিতা লাণ্ডাউ বিভৱ লাণ্ডাউ কোৱাণ্টাইজেশ্যন লাণ্ডাউ তত্ত্ব লাণ্ডাউ–স্কুআইৰ জেট লাণ্ডাউ–লেভিচ সমস্যা ষ্টুৱাৰ্ট–লাণ্ডাউ সমীকৰণ গিঞ্জবাৰ্গ–লাণ্ডাউ তত্ত্ব Darrieus–Landau instability লাণ্ডাউ গতিৰ সমীকৰণ লাণ্ডাউ–ৰাইচৌধুৰী সমীকৰণ লাণ্ডাউ–জেনাৰ সূত্ৰ Landau-Lifshitz fluctuating hydrodynamics Landau–Lifshitz model Landau–Lifshitz pseudotensor Landau–Lifshitz–Gilbert equation Landau–Pomeranchuk–Migdal effect লাণ্ডাউ–য়াং তত্ত্ব লাণ্ডাউ নীতি Landau–Hopf theory of turbulence Course of Theoretical Physics |
উল্লেখনীয় বঁটা | ষ্টালিন বঁটা (১৯৪৬) মেক্স প্লাংক পদক (১৯৬০) পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা (১৯৬২) |
দাম্পত্যসঙ্গী | কে. টি. ড্ৰ'বানজেভা (বিবাহ ১৯৩৭; এটা সন্তান) (১৯০৮-১৯৮৪) |