লুই পেষ্ট'ৰ
From Wikipedia, the free encyclopedia
লুই পেষ্ট'ৰ (Louis Pasteur) (/ˈluːi pæˈstɜr/, ফৰাচী: [lwi pastœʁ]; ডিচেম্বৰ ২৭, ১৮২২ – ছেপ্তেম্বৰ ২৮, ১৮৯৫) এজন ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ। তেওঁ প্ৰতিষেধকৰ তত্ত্ব, কিণ্বন (microbial fermentation) আৰু পেষ্টুৰাইজেচন (pasteurization)ৰ উদ্ভাৱনৰ বাবে বিখ্যাত। বিভিন্ন ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ উলিওৱাৰ বাবে তেওঁক সোঁৱৰণ কৰা হয় আৰু তেওঁৰ আৱিষ্কাৰে অগণন মানুহৰ জীৱন ৰক্ষা কৰি আহিছে। তেওঁৰ প্ৰসূতি জ্বৰ (puerperal fever)ৰ পৰা হোৱা মৃত্যুৰ হাৰ কমাইছিল, লগতে ৰেবিজ আৰু এন্থ্ৰাক্সৰ বাবে প্ৰথম প্ৰতিষেধক সৃষ্টি কৰিছিল। তেওঁৰ চিকিৎসা বিজ্ঞানৰ আৱিষ্কাৰসমূহে ৰোগৰ জীৱাণু তত্ত্ব (germ theory of disease) আৰু নিদানত ইয়াৰ প্ৰয়োগক প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছিল। গাখীৰ আৰু ৱাইনক বেক্টেৰিয়াই দূষণ কৰিব নোৱাৰা কৌশলৰ বাবে তেওঁ সাধাৰণ ৰাইজৰ চিনাকি হৈ পৰিছিল। ফাৰ্ডিনাণ্ড ক'ন আৰু ৰবাৰ্ট কচৰ সৈতে তেওঁক বেক্টেৰিয়া বিজ্ঞানৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰাৰ লগতে তেওঁক "অণুজীৱ বিজ্ঞানৰ জনক" (father of microbiology) আখ্যা দিয়া হয়।[2][3][4]
লুই পেষ্ট'ৰ | |
---|---|
নাডাৰে তোলা ছবি | |
জন্ম | ২৭ ডিচেম্বৰ, ১৮২২ ড'লে, ফ্ৰান্স |
মৃত্যু | ২৮ ছেপ্টেম্বৰ, ১৮৯৫ (৭২ বছৰ) মাৰ্নে-লা-ককেট, ফ্ৰান্স |
জাতীয়তা | ফৰাচী |
ক্ষেত্ৰ | ৰসায়ন বিজ্ঞান অণুজীৱ বিজ্ঞান |
কৰ্মস্থান | * University of Strasbourg
|
শিক্ষানুষ্ঠান | École Normale Supérieure |
উল্লেখযোগ্য বিদ্যাৰ্থী | চাৰ্লছ ফ্ৰাইড[1] |
স্বাক্ষৰ |
পেষ্ট'ৰে ৰসায়ন বিজ্ঞানতো উল্লেখযোগ্য কেতবোৰ আৱিষ্কাৰ কৰিছিল। তাৰ ভিতৰত কিছুমান স্ফটিকৰ অপ্ৰতিসাম্যতা (Molecular asymmetry) আৰু ৰেচিমাইজেচন (racemization)ৰ আণৱিক কাৰণ উলিওৱাই প্ৰধান। মৃত্যু পৰ্যন্ত তেওঁ ১৮৮৭ চনত প্ৰতিষ্ঠা হোৱা পেষ্ট'ৰ ইন্ষ্টিটিউটৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃতদেহ সেই প্ৰতিষ্ঠানৰ তলতে এটা সমাধিকক্ষত থোৱা হৈছে আৰু বাইজেন্টিন ম'জাইকত তেওঁৰ আৱিষ্কাৰসমূহ অংকন কৰি কক্ষটো ঢাকি ৰখা হৈছে।[5]