লুংজুবেল
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
লুংজুবেল (ইংৰাজী: Lungzubel) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিয়াটা জনগোষ্ঠী সকলৰ এক প্ৰকাৰৰ বিশেষ সাংস্কৃতিক শিলৰ পাত্ৰ। বিয়াটা ভাষাত লুংজুবেলৰ অৰ্থ হৈছে "চাউলৰ সুৰা ৰখা শিলৰ পাত্ৰ।" অসমৰ ডিমা হাছাও জিলাৰ দক্ষিণ-পশ্চিম অংশ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰত লুংজুবেলৰ ধ্বংসাৱশেষ পোৱা যায়। চুবুৰীয়া ৰাজ্য মেঘালয়তো লুংজুবেল পাত্ৰ পোৱা যায়।[1]
ডিমা হাছাও জিলাৰ খোবাকত অৱস্থিত লুংজুবেল | |
অৱস্থিতি | খোবাক, ডিমা হাছাও জিলা, অসম, ভাৰত |
---|---|
অঞ্চল | উত্তৰ-পূৰ্বাঞ্চল |
অৱস্থান | 25.4129°N 92.7942°E |
প্ৰকাৰ | সাংস্কৃতিক |
ইতিহাস | |
সভ্যতা | বিয়াটা সংস্কৃতি |
অতিৰিক্ত তথ্য | |
বৰ্তমানৰ অৱস্থা | সংৰক্ষিত |
দেশ | ৰাজহুৱা |
পৰিচালনা | সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ |
সৰ্বসাধাৰণৰ প্ৰৱেশাধিকাৰ | আছে |
বিয়াটা ভাষাত লুংজুবেলৰ অৰ্থ হৈছে চাউলৰ পৰা প্ৰস্তুত কৰা পাৰম্পৰিক সুৰা ৰখা শিলৰ পাত্ৰ। আক্ষৰিকভাবে ইয়াৰ অৰ্থ হৈছে – 'লুং' মানে শিল, 'জু' মানে পাৰম্পৰিক চাউলৰ সুৰা আৰু 'বেল'ৰ অৰ্থ হৈছে পাত্ৰ।[2]
লুংজুবেলহ বিয়াটা জনগোষ্ঠীৰ অন্যতম ঐতিহাসিক সম্পদ। অৱশ্যে লুংজুবেলৰ উৎপত্তি সম্পৰ্কে কোনো বিশেষ তথ্য পোৱা নাযায়। বিয়াটা কিংবদন্তী আৰু জ্যেষ্ঠসকলৰ মতে শিলৰ স্মাৰক নিৰ্মাণ আৰু খোদাই কৰাটো প্ৰাচীন কালৰ পৰাই বিয়াটা জনজাতিৰ সাংস্কৃতিক প্ৰথা আছিল। ইয়াৰ উল্লেখযোগ্য উদাহৰণ হিচাপে শিলৰ পাত্ৰ লুংজুবেল আৰু শিলৰ বেদী লুংমাইচাম অন্যতম। এই শিলৰ স্মাৰক বা ধ্বংসাৱশেষবোৰ সাধাৰণতে এজন সফল বা বিজয়ী বিয়াটা প্ৰধান বা যোদ্ধাৰ সন্মানৰ প্ৰতীক। তদুপৰি অতীতত বিয়াটাসকলৰ ৰীতি-নীতি আৰু উৎসৱবোৰত চাউলৰ সুৰায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আন এক তত্ত্ব মতে এই শিলৰ পাত্ৰসমূহ হৈছে লামলিৰা নামৰ এজন কিংবদন্তি বিয়াটা যোদ্ধাৰ হাত। লোকবিশ্বাস অনুসৰি তেওঁ বিয়াটা সকলক ১২-১৩ শতিকাত তেওঁলোকৰ বৰ্তমানৰ অৱস্থান পাহাৰসমূহলৈ লৈ গৈছিল বুলি বিশ্বাস কৰা হয়।[3]
লুংজুবেলসমূহৰ বিস্তৃতি এক নিৰ্দিষ্ট স্থানত সীমাবদ্ধ নহয়। অসমৰ ডিমা হাছাও জিলাৰ দক্ষিণ-পশ্চিম অংশ আৰু মেঘালয়ৰ সকলো বিয়াটা বসতিপূৰ্ণ অঞ্চলত মুখ্যতঃ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ চাইপুং এলাকাত কাংকালাং (কপিলী নদী) নদীৰ আশে-পাশে ইয়াৰ অৱস্থিতি পোৱা গৈছে। উত্তৰ-পূৰ্বাঞ্চল পাৰ্বত্য বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° বি পাকেমে এই ঘূৰণীয়া শিল আৰু ফোঁপোলা মাটি বোৰ মেঘালয়ৰ উমকিউৰপং আৰু কেচেহ গাঁৱৰ মাজৰ ওচৰৰ চুমেৰ অঞ্চলত পোৱা শিলবোৰৰ সৈতে সাদৃশ্যৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ অনুমান কৰিছিল যে এয়া অতীতত বিয়াটাসকলৰ পূৰ্বপুৰুষসকলৰ বলি বা নৃত্যৰ স্থান হ'ব পাৰে।[3] ডিমা হাছাওত লুংজুবেলৰ আটাইতকৈ বিখ্যাত স্থান হৈছে জিলা সদৰ হাফলঙৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দূৰত অৱস্থিত খোবাক নামৰ এখন সৰু বিয়াটা গাওঁ। লুংজুবেলসমূহ আন কিছুমান অঞ্চলতো পোৱা যায় যদিও সংখ্যাত কম। বিশ্বাস কৰা হয় যে লুংজুবেল উদ্ধাৰ হোৱা অঞ্চলত পুৰণি দিনত বিয়াটাসকলে বসবাস কৰিছিল।[4]
বেছিভাগ লুংজুবেলৰ ধ্বংসাৱশেষ সময়ৰ লগে লগে প্ৰাকৃতিক কাৰণত বা মানুহৰ ক্ৰিয়াকলাপৰ বাবে ক্ৰমান্বয়ে ধ্বংস হৈছিল। দীৰ্ঘদিন ধৰি পৰিত্যক্ত আৰু নিৰাপত্তাহীন কৰি ৰখা হোৱাৰ বাবে এইবোৰ নষ্ট হৈছিল। ঊনবিংশ শতিকাত বিয়াটাসকলৰ মাজত খ্ৰীষ্টান ধৰ্মৰ আগমনৰ ফলত এই সাংস্কৃতিক সম্পদবোৰক অৱহেলা কৰাৰ মুখ্য কাৰণ হ'ব পাৰে কিয়নো খ্ৰীষ্টান ধৰ্মই কোনো ধৰণৰ নিচাযুক্ত পানীয়ক গ্ৰহণ কৰাক স্বীকৃতি নিদিয়ে। মূলতঃ পাৰম্পৰিক লোকধৰ্মত বিশ্বাস কৰা বিয়াটা সকলে নতুন ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ পিছত তেওঁলোকৰ পুৰণি চাউলৰ সুৰা প্ৰস্তুত কৰাৰ প্ৰথা ত্যাগ কৰিবলৈ লয়। অৱশ্যে তেওঁলোকৰ কিছুমান চুবুৰীয়া সম্বন্ধীয় জনজাতিৰ মাজত এই প্ৰথা বৰ্তমাননেও বৰ্তী আছে।
শেহতীয়াকৈ বিয়াটা দেৱানপুই আৰু বিয়াটে সাংস্কৃতিক সংস্থা, অসমৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে এই ধ্বংসাৱশেষসমূহৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰা হৈছে। ইয়াৰ ফলস্বৰূপে ডিমা হাছাও জিলাৰ খোবাক আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰত আৱিষ্কৃত লুংজুবেলসমূহ এতিয়া অসম চৰকাৰৰ পুৰাতাত্ত্বিক পৰিক্ৰমা বিভাগৰ দ্বাৰা ৰক্ষণাবেক্ষণ আৰু চোৱাচিতা কৰা হৈছে। তদুপৰি জিলাখনত পৰ্যটনৰ প্ৰচাৰৰ লগতে বিশ্বৰ সন্মুখত লুংজুবেল প্ৰদৰ্শনৰ লক্ষ্যৰে ২২ চেক্টৰ অসম ৰাইফলছ, ৰাজ্যিক পৰ্যটন বিভাগ আৰু পুৰাতাত্ত্বিক বিভাগ আৰু মেক এ ডিফাৰেন্স চ'চাইটি নামৰ হাফলং স্থিত বেচৰকাৰী সংগঠনৰ সহযোগত অসমৰ বিয়াটে সাংস্কৃতিক সংস্থাৰ দ্বাৰা ২০১৫ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে খোবাকত লুংজুবেল উৎসৱৰ আয়োজন কৰা হৈছিল। এই উৎসৱত হাজাৰ হাজাৰ লোকে দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।[5]
২০১৯-২০ বৰ্ষৰ অসম বাজেটত খোবাকৰ লুংজুবেলসমূহক ডিমা হাছাও জিলাৰ আঠটা গুৰুত্বপূৰ্ণ পৰ্যটন/ঐতিহাসিক স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ই অসম চৰকাৰে পৰ্যটন উন্নয়নৰ প্ৰচেষ্টা হিচাপে আৰম্ভ কৰা "অসম দৰ্শন" আঁচনিৰ অংশ হিচাপে আন্তঃগাঁথনি উন্নীতকৰণ অনুদান লাভ কৰিছে।[6] চুবুৰীয়া মেঘালয় ৰাজ্যত অৱশ্যে এতিয়ালৈকে পূব জয়ন্তীয়া পাৰ্বত্য জিলাত পোৱা লুংজুবেলবোৰ সংৰক্ষিত কৰাৰ বাবে মেঘালয় চৰকাৰে কোনো দৃঢ় পদক্ষেপ লোৱা নাই।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.