লীঅ' টলষ্টয়
From Wikipedia, the free encyclopedia
কাউণ্ট লেভ নিকোলায়েভিছ টলষ্টয় (ইংৰাজী: Lev Nikolayevich Tolstoy ,ৰুছ: Лев Никола́евич Толсто́й, উচ্চাৰণ [ˈlʲɛf nʲɪkaˈɫaɪvʲɪtɕ taɫˈstoj] ( শুনক); ৯ ছেপ্টেম্বৰ [পুৰণা নিয়মত ২৮ আগষ্ট] ১৮২৮ – ২০ নবেম্বৰ [পুৰণা নিয়মত ৭ নবেম্বৰ] ১৯১০), বা লীঅ’ টলষ্টয় আছিল এগৰাকী ৰাছিয়ান লেখক যিয়ে প্ৰধানতঃ উপন্যাস আৰু ছুটিগল্প ৰচনা কৰিছিল। পিছলৈ তেওঁ নাটক আৰু বিভিন্ন প্ৰবন্ধও লিখিবলৈ লয়। ১৮৭০ চনত হোৱা এক নৈতিক সংকট আৰু ধাৰ্মিক জাগৰণৰ পিছত তেওঁৰ অত্যন্ত নীতিবাদী আৰু গোড়া ধাৰ্মিক চিন্তাধাৰা সমূহক লৈ সৃষ্টি হোৱা তেওঁৰ জটিল আৰু স্ববিৰোধী ব্যক্তিত্বৰ বাবেও তেওঁ জনাজাত যাৰ পিছৰে পৰা তেওঁ নৈতিক চিন্তাবিদ তথা সমাজ সংস্কাৰক হিচাপেও প্ৰখ্যাত হয়।
লীঅ' টলষ্টয় | |
---|---|
১৯০৮ত য়াছনায়া পলয়ানাৰ জমিদাৰীত ছেৰ্গেই প্ৰ’কুদিন-গৰ্স্কীয়ে টোলা টলষ্টয়ৰ আলোকচিত্ৰ। টলষ্টয়ৰ এইখনেই একমাত্ৰ ৰঙীন আলোকচিত্ৰ। | |
জন্ম | লেভ নিকোলায়েভিছ টলষ্টয় ৯ ছেপ্টেম্বৰ, ১৮২৮ য়াছনায়া পলয়ানা,ৰাছিয়ান সাম্ৰাজ্য |
মৃত্যু | ২০ নৱেম্বৰ, ১৯১০ (৮২ বছৰ) এস্তাপ’ভ’,ৰাছিয়ান সাম্ৰাজ্য |
পেচা | ঔপন্যাসিক,গল্পকাৰ,নাট্যকাৰ,প্ৰবন্ধকাৰ |
ভাষা | ৰাছিয়ান, ফঁৰাছী |
ৰাষ্ট্ৰীয়তা | ৰাছিয়ান |
সময় | ১৮৫২–১৯১০ |
উল্লেখনীয় কৰ্মৰাজি | ৱাৰ এণ্ড পীছ আনা কাৰেনিনা এ কনফেশ্যন |
দাম্পত্যসংগী | ছোফিয়া টলষ্টয়া |
সন্তান | ১৪ |
স্বাক্ষৰ |
চাৰমন অন দ্য মাউণ্টক কেন্দ্ৰ কৰি যীশুৰ ধৰ্মবাণীসমূহৰ তেওঁৰ সাহিত্যিক ব্যাখ্যাই তেওঁক পিছলৈ খ্ৰীষ্ট নৈৰাজ্যবাদ আৰু নৈৰাজ্যশান্তিবাদৰ সমৰ্থক কৰি তোলে। দ্য কিংদম অৱ গড ইজ ৱিদিন য়ু আদি ৰচনাত ফুটি উঠা অহিংস প্ৰতিবাদে মোহনদাস গান্ধী,[1] মাৰ্টিন লুথাৰ কিং, অনুজ[2] আদিকে ধৰি বিংশ শতিকাৰ বহুকেইজন কেন্দ্ৰীয় ব্যক্তিক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল।