লিপষ্টিক
From Wikipedia, the free encyclopedia
লিপষ্টিক (ইংৰাজী: lipstick; ওষ্ঠৰঞ্জনী বুলিও কোৱা হয়) হৈছে ওঁঠত ৰং আৰু গাঁথনি প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰী, যি প্ৰায়ে মʼম আৰু বিভিন্ন তেলৰ দ্বাৰা তৈয়াৰ কৰা হয়। ইয়াত থকা ৰং উৎপাদন কৰিবলৈ বিভিন্ন ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰা হয়, আৰু গাঁথনি প্ৰদান কৰিবলৈ চিলিকাৰ দৰে খনিজ পদাৰ্থ ব্যৱহাৰ কৰে। লিপষ্টিকৰ ব্যৱহাৰ সুমেৰ আৰু সিন্ধু উপত্যকা সভ্যতা আদি আদিম সভ্যতাৰ পৰাই আৰম্ভ হৈছিল আৰু ষোড়শ শতিকাত পশ্চিমীয়া বিশ্বত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। কিছুমান লিপষ্টিকত বিষাক্ত পদাৰ্থ থাকে, যেনে সীহ আৰু পিএফএএছ ইত্যাদি।