লিউকিমিয়া
From Wikipedia, the free encyclopedia
লিউকিমিয়া (ইংৰাজী: Leukemia) ৰক্ত কেন্সাৰৰ এটা গোট যি সাধাৰণতে অস্থি মজ্জাত আৰম্ভ হয় আৰু ফলস্বৰূপে অধিকসংখ্যক অস্বাভাৱিক ৰক্তকণিকা বৃহৎ পৰিমাণে বৃদ্ধি হয়।[8] এই ৰক্তকণিকাবোৰ সম্পূৰ্ণৰূপে বিকশিত নহয় আৰু এইবোৰক ব্লাষ্ট বা লিউকিমিয়া কোষ বুলি কোৱা হয়।[1] লক্ষণসমূহৰ ভিতৰত ৰক্তক্ষৰণ, তেজ-মৰা, হাড়ৰ বিষ, অতিশয় ক্লান্তি, জ্বৰ আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পোৱা আদি হ'ব পাৰে।[1] স্বাভাৱিক ৰক্তকণিকাৰ অভাৱৰ বাবে এই লক্ষণসমূহ দেখা দিয়ে।[1] সাধাৰণতে তেজ পৰীক্ষা বা অস্থি মজ্জাৰ বায়'প্সিৰ দ্বাৰা এই ৰোগ নিৰ্ণয় কৰা হয়।[1]
লিউকিমিয়া | |
---|---|
অন্য নাম | লিউকেমিয়া |
A Wright's stained bone marrow aspirate smear from a person with B-cell acute lymphoblastic leukemia. | |
বিভাগ | হেমাট'লজি আৰু অনক'লজি |
লক্ষণ | ৰক্তক্ষৰণ, মৰা তেজ, অতিশয় ক্লান্তি, জ্বৰ, সংক্ৰমণৰ বৰ্দ্ধিত বিপদাশংকা[1] |
আৰম্ভণি | সকলো বয়সতে,[2] ৬০ আৰু ৭০ৰ দশকত বেছিকৈ দেখা যায়।[3] |
কাৰণ | বংশগত আৰু পৰিৱেশৰ কাৰক[4] |
আশংকাৰ কাৰণ | ধূমপান সেৱন, পাৰিবাৰিক ইতিহাস, আয়নকাৰী বিকিৰণ, ট্ৰাইক্ল'ৰ'ইথিলিনৰ নিচিনা কিছুমান ৰাসায়নিক দ্ৰব্য, পূৰ্বৱৰ্তী কেম'থেৰাপি, ডাউন ছিণ্ড্ৰ'ম।[2][4] |
ৰোগ নিৰূপণ | ৰক্ত পৰীক্ষা, অস্থি মজ্জাৰ বায়'প্সি[1] |
চিকিৎসা | কেম'থেৰাপি, বিকিৰণ, টাৰ্গেটেড থেৰাপি, অস্থি মজ্জা সংৰোপণ, ছাপ'ৰ্টিভ কেয়াৰ[2][5] |
আৰোগ্য সম্ভাৱনা | পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ: ৫৭% (আমেৰিকা যুক্তৰাষ্ট্ৰ)[3] |
পুনৰাবৃত্তি | ২.৩ মিলিয়ন (২০১৫)[6] |
মৃত্যু | ৩৫৩,৫০০ (২০১৫)[7] |
লিউকিমিয়াৰ সঠিক কাৰণ এতিয়াও অজ্ঞাত।[4] অৱশ্যে জিনীয় কাৰক আৰু পৰিৱেশগত (অবংশগত) কাৰকৰ এক সংযোজনে এক ভূমিকা পালন কৰে বুলি বিশ্বাস কৰা হয়।[4] বিপদাশংকাৰ কাৰকসমূহৰ ভিতৰত ধূমপান সেৱন, আয়নকাৰী বিকিৰণ, পেট্ৰ'কেমিকেল (যেনে বেনজিন), পূৰ্বৱৰ্তী কেম'থেৰাপি আৰু ডাউন ছিণ্ড্ৰ'ম আদি অন্তৰ্ভুক্ত।[4][2] পাৰিবাৰিক ইতিহাসত লিউকিমিয়া থকা লোকসকলৰো অধিক আশংকা থাকে।[2] লিউকিমিয়াৰ চাৰিটা প্ৰধান প্ৰকাৰ আছে—তীব্ৰ লিম্ফ'ব্লাষ্টিক লিউকিমিয়া (Acute lymphoblastic leukemia, সংক্ষেপে ALL), তীব্ৰ মাইল'ইড লিউকিমিয়া (Acute myeloid leukemia, সংক্ষেপে AML), চিৰকলীয়া লিম্ফ'চাইটিক লিউকিমিয়া (Chronic lymphocytic leukemia, সংক্ষেপে CLL) আৰু চিৰকলীয়া মাইল'ইড লিউকিমিয়া (Chronic myeloid leukemia, সংক্ষেপে CML)— লগতে সচৰাচৰ কমকৈ হোৱা কিছুসংখ্যক লিউকিমিয়া।[2][9] লিউকিমিয়া আৰু লিম্ফ'মা দুয়োবিধ টিউমাৰৰ এটা বহল গোটৰ অন্তৰ্গত যিয়ে তেজ, হাড়ৰ মজ্জা আৰু লিম্ফ'ইড তন্ত্ৰক প্ৰভাৱান্বিত কৰে।[10][11]
চিকিৎসাৰ ভিতৰত কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, টাৰ্গেটেড থেৰাপি আৰু অস্থি মজ্জা সংৰোপণ উল্লেখযোগ্য। প্ৰয়োজন অনুসৰি ছাপ'ৰ্টিভ কেয়াৰ আৰু প্ৰশমনমূলক যত্নও লোৱা হ'ব পাৰে।[2][5] কিছুমান বিশেষ ধৰণৰ লিউকিমিয়া সতৰ্কতাৰে অপেক্ষা কৰি নিয়ন্ত্ৰণ কৰিব পাৰি।[2] চিকিৎসাৰ সফলতা নিৰ্ভৰ কৰে লিউকিমিয়াৰ প্ৰকাৰ আৰু ব্যক্তিৰ বয়সৰ ওপৰত। উন্নত দেশত চিকিৎসাৰ ফলাফলৰ উন্নতি হোৱা পৰিলক্ষিত হৈছে।[9] আমেৰিকা যুক্তৰাষ্ট্ৰত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ৬৫%।[3] প্ৰথম বিশ্বৰ দেশসমূহত ১৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ৬০%, আনকি কিছুমান লিউকিমিয়াৰ ক্ষেত্ৰত এই হাৰ ৯০%তকৈও অধিক হয়গৈ।[12] তীব্ৰ লিউকিমিয়া ৰোগী যি পাঁচ বছৰৰ পিছত কেন্সাৰমুক্ত হয়, তেওঁলোকৰ ক্ষেত্ৰত কেন্সাৰ ঘূৰি অহাৰ সম্ভাৱনা কম।[12]
২০১৫ চনত বিশ্বৰ ২৩ লাখ লোকৰ লিউকিমিয়া হোৱা দেখা গৈছিল আৰু ইয়াৰ ফলত ৩৫৩,৫০০ লোকৰ মৃত্যু হৈছিল।[6][7] ২০১২ চনত ই ৩৫২,০০০ লোকৰ মাজত নতুনকৈ বিকশিত হৈছিল।[9] শিশুৰ ক্ষেত্ৰত ই আটাইতকৈ সচৰাচৰ হোৱা কৰ্কট ৰোগ, শিশুৰ লিউকিমিয়া ৰোগীৰ তিনি চতুৰ্থাংশই তীব্ৰ লিম্ফ'ব্লাষ্টিক ধৰণৰ।[2] কিন্তু সকলো লিউকিমিয়াৰ ৯০%তকৈ অধিক প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ধৰা পৰে, প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত চিৰকলীয়া লিম্ফ'চাইটিক লিউকিমিয়া আৰু তীব্ৰ মাইল'ইড লিউকিমিয়া বেছিকৈ দেখা যায়।[2][13] উন্নত দেশত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।[9]