লাউচ
এছিয়াৰ ৰাষ্ট্ৰ / From Wikipedia, the free encyclopedia
লাউচ (লাও: ເມືອງລາວ মিয়াং লাউ বা ປະເທດລາວ পাঠেট্ লাউ) দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ। চৰকাৰী নাম গণতান্ত্ৰীক গণপ্ৰজাতন্ত্ৰী লাউচ (লাউ ভাষা : ສາທາລະນະລັດ ປະຊາທິປະໄຕ ປະຊາຊົນລາວ চাঠালানালাট্ পাচাঠিপাটাই পাচাছন্ লাউ)। দেশখন পূৰ্বতে ইন্দো-চীন ইউনিয়ন তথা ফৰাচী ইন্দোচীনৰ অংশ আছিল। ১৯৪৯ চনত দেশখনে স্বাধীনতা লাভ কৰে। ১৯৬০ৰ দশকত ভিয়েটনাম যুদ্ধত দেশখন জড়িত হৈছিল। ১৯৭৫ চনত এক সাম্যবাদী বিপ্লৱে দেশখনৰ ছয় শতাব্দী প্ৰাচীন ৰাজতন্ত্ৰৰ পতন ঘটায় আৰু এক গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে দেশখনে পুনঃপ্ৰতিষ্ঠিত হয়। লাউচ পৰ্তময়, স্থলবেষ্টিত দেশ। ইয়াৰ উত্তৰে চীন, পূবে ভিয়েটনাম, দক্ষিণে কম্বোডিয়া, আৰু পশ্চিম আৰু উত্তৰ-পশ্চিমে থাইলেণ্ড আৰু ম্যানমাৰ অৱস্থিত। লাউচ খনিজ সম্পদত সমৃদ্ধ আৰু জাতিগত ভাবে বিচিত্ৰ। লাউ ভাষা ইয়াৰ চৰকাৰী ভাষা। ভিয়েনতিয়েন বা ভিয়াং চান দেশৰ বৃহত্তম নগৰ আৰু ৰাজধানী। বৌদ্ধ ধৰ্ম প্ৰধান ধৰ্ম।[1]
ສາທາລະນະລັດ ປະຊາທິປະໄຕ ປະຊາຊົນລາວ চাঠালানালাট্ পাশাঠিপাটাই পাশাশন্ লাউ গণতান্ত্ৰিক গণপ্ৰজাতন্ত্ৰী লাউচ |
||||||
---|---|---|---|---|---|---|
নীতিবাক্য ສັນຕິພາບ ເອກະລາດ ປະຊາທິປະໄຕ ເອກະພາບ ວັດທະນາຖາວອນ চান্টিফাপ্, একালাট্, পাছাঠিপাটাই, একাফাপ্, উয়াট্ঠানাঠাউঅন্ "শান্তি, স্বাধীনতা, গণতন্ত্ৰ, ঐক্য, আৰু সমৃদ্ধি" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত Pheng Xat Lao |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ভিয়েনতিয়েন 17°58′N 102°36′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | লাউ, ফৰাচী | |||||
জাতীয়তাসূচক বিশেষণ | লাউটিয়ান | |||||
চৰকাৰ | সমাজতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | লেফটেনেণ্ট জেনেৰেল চুম্মালি চাইয়াচন | ||||
- | প্ৰধানমন্ত্ৰী | থমচিং থাম্মাভং | ||||
স্বাধীনতা | ফ্ৰান্সৰ পৰা | |||||
- | তাৰিখ | ১৯ জুলাই , ১৯৪৯ | ||||
মাটিকালি | ||||||
- | মুঠ | ২,৩৬,৮০০ বৰ্গ কিমি (৮৩তম) ৯১,৪২৯ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ২% | ||||
জনসংখ্যা | ||||||
- | ২০০৭ আনুমানিক | ৬৫,২১,৯৯৮ (১০৬তম) | ||||
- | ১৯৯৫ লোকপিয়ল | ৪৫,৭৪,৮৪৮ | ||||
জিডিপি (পিপিপি) | ২০০৬ আনুমানিক | |||||
- | মুঠ | $১৩.৭৫ বিলিয়ন (১২৯তম) | ||||
- | জনমুৰি | $২,২০০ (১৩৮তম) | ||||
জিনি সহগ? (২০০২) | ৩৪.৬ (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০০৪) | ০.৫৫৩ (মধ্যম) (১৩৩তম) | |||||
মুদ্ৰা | কিপ (LAK ) |
|||||
সময় অঞ্চল | (ইউটিচি+৭) | |||||
ইণ্টাৰনেট টিএলডি | .la | |||||
কলিং ক'ড | +৮৫৬ |