লক্ষ্মী (অভিনেত্ৰী)
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
য়াৰাগুডিপাড়ি ভেঙ্কট মহালক্ষ্মী (ইংৰাজী: Yaragudipadi Venkata Mahalakshmi ; জন্ম ১৩ ডিচেম্বৰ ১৯৫২)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বৃত্তিগত নাম লক্ষ্মী। তামিল চলচ্চিত্ৰ ‘শ্ৰী ভাল্লি’ৰে (১৯৬১) তেওঁৰ চলচ্চিত্ৰত অভিষেক ঘটে। মুখ্য অভিনেত্ৰী হিচাপে তেওঁ প্ৰথম চলচ্চিত্ৰ ‘জীৱনামসম’ (১৯৬৮)। একে বছৰতে তেওঁৰ কন্নড় আৰু তেলুগু ভাষাৰ ছবিতো ক্ৰমে ‘গোৱা দাল্লি চি.আই.ডি. ৯৯৯’ আৰু ‘বন্ধভ্যলু’ ছবিৰে অভিষেক ঘটে। তেওঁৰ দ্বিতীয় মালয়ালম ছবি ‘চট্টিকাৰী’ (১৯৭৪) ব্লকবাষ্টাৰ ছবিৰূপে পৰিগণিত হৈছিল। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৯টা ফিল্মফেয়াৰ বঁটা, তিনিটা 'নন্দী বঁটা', শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা', শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা' আদি অসংখ্য বঁটা-বাহন লাভ কৰিছে।[2][3][4][5][6][7]
ক্ষিপ্ৰ তথ্য লক্ষ্মী, জন্ম ...
লক্ষ্মী | |
---|---|
‘নান শুভসিক্কুম শিৱাজী’ গ্ৰন্থৰ উন্মোচনত লক্ষ্মী | |
জন্ম | য়াৰাগুডিপাড়ি ভেঙ্কট মহালক্ষ্মী ১৩ ডিচেম্বৰ, ১৯৫২ (৭১ বছৰ) মাদ্ৰাছ, মাদ্ৰাছ ষ্টেট |
সক্ৰিয় হৈ থকা সময় | ১৯৬১, ১৯৬৮ৰ পৰা বৰ্তমানলৈ |
দাম্পত্যসঙ্গী |
|
পিতৃ-মাতৃ | য়াৰাগুডিপতি বৰদা ৰাও কুমাৰী ৰুক্মিণী |
সন্তান | ঐশ্বৰ্য্য (জন্ম ১৯৭১) সংযুক্তা (২০০০ ত তুলি লোৱা) |
বন্ধ কৰক