য়ুৰি গেগেৰিন
From Wikipedia, the free encyclopedia
য়ুৰি এলেক্সিয়েভিচ গেগেৰিন (Yuri Alekseyevich Gagarin) (ৰুছ: Ю́рий Алексе́евич Гага́рин[note 1]; IPA: [ˈjʉrʲɪj ɐlʲɪˈksʲejɪvʲɪtɕ ɡɐˈɡarʲɪn]; ৯ মাৰ্চ ১৯৩৪ - ২৭ মাৰ্চ ১৯৬৮) এগৰাকী ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী। এখেত মহাকাশলৈ যোৱা প্ৰথম মানৱ। ভস্তক-১ মহাকাশযানত গেগেৰিনে ১৯৬১ চনৰ ১২ এপ্ৰিল তাৰিখে পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰে।
য়ুৰি গেগেৰিন (Yuri Gagarin) Юрий Гагарин | |
---|---|
প্ৰথম মানৱ মহাকাশচাৰী | |
জাতীয়তা | ছ'ভিয়েট ৰাছিয়া |
পদমৰ্যাদা | মৃত |
জন্ম | ৯ মাৰ্চ, ১৯৩৪ ক্লুশ্বিন', ৰাছিয়া, ছ'ভিয়েট ইউনিয়ন |
মৃত্যু | ২৭ মাৰ্চ, ১৯৬৮ ন'ভ'ছিল'ভ', ৰাছিয়া, ছ'ভিয়েট ইউনিয়ন |
অন্য পেছা | বৈমাণিক |
স্থান | কৰ্নেল (Polkovnik), ছ'ভিয়েট বিমান বাহিনী |
মহাকাশত কটোৱা সময় | ১ ঘণ্টা, ৪৮ মিনিট |
অভিযান | ভস্তক ১ |
বঁটা | Hero of the Soviet Union, Order of Lenin |
মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি হিচাপে গেগেৰিন আন্তৰ্জাতিকভাৱে প্ৰখ্যাত হৈ উঠে আৰু বিভিন্ন দেশৰপৰা বহুতো সন্মান লাভ কৰে। তাৰ ভিতৰত ছ'ভিয়েট দেশৰ সৰ্ব্বোচ্চ সন্মান 'ছ'ভিয়েট ইউনিয়নৰ নায়ক' (Hero of the Soviet Union) প্ৰধান। ভস্তক-১-ৰ ভ্ৰমণেই আছিল তেখেতৰ একমাত্ৰ মহাকাশভ্ৰমণ। ধ্বংসপ্ৰাপ্ত হোৱা ছয়ুজ-১ মহাকাশযানৰ তেখেত সংৰক্ষিত কৰ্মী আছিল। গেগেৰিন পাছলৈ 'মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰ, মস্কো'-ৰ প্ৰশিক্ষণ পৰিচালক হৈছিল। পাছলৈ এই কেন্দ্ৰক তেখেতৰ নামেৰে 'গেগেৰিন মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰ' নাম দিয়া হয়। ১৯৬৮ চনত প্ৰশিক্ষণ বিমান মিগ-১৫-ৰ বৈমাণিক হৈ থাকোঁতে এটা দুৰ্ঘটনাত তেখেতৰ মৃত্যু ঘটে।