যক্ষ
From Wikipedia, the free encyclopedia
যক্ষ' (ইংৰাজী: Yakshas) হৈছে একপ্ৰকাৰৰ বনদেৱতা। তেওঁলোক সাধাৰণতে কোমল অন্তৰৰ হয় যদিও কোনো কোনো সময়ত শঠ প্ৰকৃতিৰ আৰু হঠাৎ মনোভাব সলনি কৰা বিধৰ হোৱাও দেখা যায়। তেওঁলোক জলধাৰা, উৰ্বৰতা, বৃক্ষ, অৰণ্য, ধন-সম্পত্তি আৰু বন্যতাৰ সৈতে জড়িত।[1][2] হিন্দুধৰ্ম, জৈনধৰ্ম আৰু বৌদ্ধধৰ্মৰ ৰচনাৱলীত যক্ষসকলৰ উপস্থিতি দেখা যায়। ইয়াৰ উপৰিও দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ মন্দিৰসমূহতো পহৰাদাৰী দেৱতা হিচাপে যক্ষৰ চিত্ৰায়ন কৰা হয়।[2][3] যক্ষৰ নাৰীৰূপ হৈছে যক্ষিণী।[4][5]
ক্ষিপ্ৰ তথ্য যক্ষ, দেৱনাগৰী ...
বন্ধ কৰক
হিন্দু, জৈন আৰু বৌদ্ধধৰ্মৰ ৰচনাসমূহত যক্ষক দুটা ৰূপত দেখা পোৱা যায়। এহাতে তেওঁলোক অৰণ্য আৰু পৰ্বতৰ সৈতে জড়িত নম্ৰ স্বভাৱৰ দেৱতা আৰু আনহাতে তেওঁলোক একপ্ৰকাৰৰ ভূত বা ৰাক্ষস। দ্বিতীয় ৰূপটোৰে তেওঁলোকে হাবি-বননি আৰু পদপথত বিচৰণ কৰে আৰু ভ্ৰমণকাৰী লোকক ভক্ষণ কৰে।