![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/79/Sega_Musik.jpg/640px-Sega_Musik.jpg&w=640&q=50)
মৰিচাছৰ নাৰী
From Wikipedia, the free encyclopedia
মৰিচাছৰ নাৰীয়ে (ইংৰাজী: Women in Mauritius) মৰিচাছৰ নাৰীৰ সামাজিক জনগাঁথনিৰ কথা সূচায়। মৰিচাছ সমাজত নাৰীৰ ভূমিকা [1] ২০ শতিকাত সলনি হৈছিল। ঐতিহাসিকভাৱে মৰিচাছ সংস্কৃতিয়ে পিতৃতান্ত্ৰিক ক্ষমতাৰ গাঁথনি বজাই ৰাখিছিল, যিয়ে পৰিয়াল আৰু কৰ্মজীৱনকো সামৰি লৈছিল। মৰিচাছ চৰকাৰৰ দ্বাৰা গঠিত হোৱা 'এক্সপ'ৰ্ট প্ৰচেছিং জ'ন'ৰ বাবে কৰ্মশক্তিত মহিলাৰ অৱদান বিগত সময়ত বৃদ্ধি পাইছে।[2]এই পৰিৱৰ্তনৰ ফলত 'দ্বৈত-উপাৰ্জনকাৰী'ৰ উত্থান ঘটিছে আৰু একক মাতৃত্বকো উৰ্ধমুখীভাৱে প্ৰভাৱান্বিত কৰিছে।[3]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/7/79/Sega_Musik.jpg/640px-Sega_Musik.jpg)
২০০৮ চনত মৰিচাছে নিয়োগ অধিকাৰ আইন প্ৰতিষ্ঠা কৰিছিল। এই আইনখনে কৰ্মক্ষেত্ৰৰ ভিতৰত বৈষম্য নিষিদ্ধ কৰে আৰু সম মূল্যৰ কামৰ বাবে সমান পাৰিতোষিক নিৰ্ধাৰণ কৰে।[4] বৈবাহিক মৰ্যাদা যিয়েই নহওক কিয়, মহিলা আৰু পুৰুষ উভয়ৰে নিজৰ পেছা বাছি লোৱাৰ আইনী অধিকাৰ আছে। তেওঁলোকৰ বাবে এই অধিকাৰ দেৱানী সংহিতাত আৰু আইনৰ অধীনত ন্যস্ত কৰা হৈছে।[5]
উত্তৰ-ঔপনিৱেশিক যুগত মৰিচাছৰ মহিলাসকলে ঔপনিৱেশিকতাৰ প্ৰভাৱ অনুভৱ কৰিছিল।[6]১৯ শতিকাৰ মৰিচিয়ান আইন অনুসৰি মহিলাসকলক স্বামীৰ অবিচ্ছেদ্য সম্পত্তি হিচাপে গণ্য কৰিবলৈ কোৱা হৈছিল।[7]তাৰ পিছত চৰকাৰে উত্তৰাধিকাৰ আৰু প্ৰব্ৰজনৰ সৈতে জড়িত আইনসমূহ বাতিল কৰে।[8]১৯৮৯ চনত চৰকাৰে মহিলাৰ সৈতে জড়িত বিষয়সমূহৰ বাবে প্ৰধান মন্ত্ৰালয়ত সম সুযোগপ্ৰাপ্ত বিষয়া নিযুক্তি দিয়ে। মহিলাৰ অধিকাৰ আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰতিবেদনে বৈষম্যৰ সৈতে জড়িত বিষয়সমূহৰ কিছু উন্নতিৰ ইংগিত দিয়ে।[9]
সংসদৰ কিছুমান উন্নয়নৰ ভিতৰত আছে ৰাষ্ট্ৰপতি পদত (২০১৫ চনৰ পৰা ২০১৮ চনলৈ) শ্ৰীমতী আমিনা গুৰিব-ফাখিমক ৰাষ্ট্ৰপতি পদৰ বাবে উত্তৰণ ঘটোৱা,[10]আৰু ২০১৪ চনত শ্ৰীমতী মায়া হনুমানজীক প্ৰথমগৰাকী মহিলা বক্তাৰ পদত অধিষ্ঠিত কৰোৱা।[11]
মৰিচাছত পোন্ধৰ বছৰতকৈ অধিক বয়সপ্ৰাপ্ত মহিলাৰ নিবনুৱাৰ হাৰ ১০%।[12]জ্যেষ্ঠ পদবীত থকা মহিলাসকল যেনে: জ্যেষ্ঠ মুখ্য কাৰ্যবাহী, স্থায়ী সচিব আৰু উপ-স্থায়ী সচিবৰ হাৰ ২০০১ চনৰ ২৩%ৰ পৰা ২০১৬ চনৰ ৪০%লৈ বৃদ্ধি পাইছে।[13] ২০১৮ চনৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনে ভাৰতীয় ৰিম এছ’চিয়েশ্যনৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত কৰ্ম পৰিকল্পনাৰ উপৰিও মহিলাৰ অৰ্থনৈতিক সৱলীকৰণৰ সম্বন্ধে এক ঘোষণাপত্ৰ প্ৰস্তুত কৰিছিল যাতে মহিলাৰ অৰ্থনৈতিক সৱলীকৰণ ইয়াৰ ফলত সমৃদ্ধ হয়।[14]
২০১১ চনত প্ৰাথমিক খণ্ডৰ পৰা মাধ্যমিক খণ্ডলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ ভিতৰত ল'ৰাৰ অনুপাত আছিল ৭৯% আৰু ছোৱালীৰ অনুপাত আছিল ৮৪% ।[15]
২০১৩ চনত মৰিচাছৰ লিংগ অসমতা সূচকাংক আছিল ০.৩৭৫।[16] মিছেছ জিৱা-ডাউৰেয়াউৰ মতে, মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত মৰিচাছ সঠিকভাৱে আগবাঢ়িছে বুলি উল্লেখ কৰা হৈছে।[14]