![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8e/Yoon_Bo-mi_at_Pink_Paradise_concert%252C_30_May_2015_04.jpg/640px-Yoon_Bo-mi_at_Pink_Paradise_concert%252C_30_May_2015_04.jpg&w=640&q=50)
মেৰু নৃত্য
From Wikipedia, the free encyclopedia
মেৰু নৃত্য (ইংৰাজী: pole dance) এটা উলম্ব মেৰুক কেন্দ্ৰ কৰি প্ৰদৰ্শন কৰা নৃত্য আৰু এক্ৰোবেটিক। এই নৃত্য যদিও ক্লাবত প্ৰদৰ্শন কৰা কামুক নৃত্য হিচাপে বহুতে গন্য কৰে, ইয়াক শাৰীৰিক শক্তি আৰু সুস্থতাৰ এক মূলধাৰাৰ প্ৰকাৰ হিচাপেও লোৱা হয়। জিম আৰু নৃত্য ষ্টুডিঅ'ত ইয়াক শক্তি অনুশীলন হিচাপেও লোৱা হয়। [1] মেৰু নৃত্যৰ উৎসাহী সকল সকলো বয়সৰ। যদিও এই নৃত্য আৰু এক্ৰোবেটিক প্ৰদৰ্শন কৰা বেছিভাগেই প্ৰাপ্তবয়স্ক, ই সৰু ল'ৰা-ছোৱালীক প্ৰতিযোগিতাত শিকা আৰু প্ৰদৰ্শন কৰাত বাধা নিদিয়ে। [2]বিশ্বৰ বিভিন্ন দেশত শৌখিন আৰু পেছাদাৰী মেৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজিকালি, মেৰু প্ৰদৰ্শনত, নৃত্যশিল্পীসকলে নাইট ক্লাবত প্ৰাথমিক ঘূৰ্ণন আৰু ষ্ট্ৰিপটিজৰ পৰা এথলেটিক নৃত্যলৈকে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে। কিছুমান ঠাই যেনে লাছ ভেগাছ আৰু মিয়ামিৰ "মঞ্চ গধুৰ" ক্লাববোৰত মেৰু নৃত্য প্ৰদৰ্শন সাধাৰণতে নিয়মীয়াকৈ দেখা যায় । উদাহৰণ স্বৰূপে,কিং অফ ডায়মণ্ড আৰু নৃত্যশিল্পী ৰেমি ৰেড্ড,ওলোটাকৈ চিলিংৰ পৰা ওলমি থকাৰ বাবে বিখ্যাত।[3] মেৰু নৃত্যৰ বাবে বৃহৎ পৰিমাণৰ শক্তি আৰু নমনীয়তাৰ প্ৰয়োজন।[4]এই দক্ষতা প্ৰাপ্ত কৰিবলৈ শৰীৰৰ ওপৰ অংশ আৰু মূল অংশৰ শক্তিৰ প্ৰয়োজন। ইয়াৰ উপৰিও সঠিক নিৰ্দেশনাৰ লগতে কঠোৰ প্ৰশিক্ষণৰ প্ৰয়োজন।[5][6] ২০০০ চনৰ মাজভাগৰ পৰা এই মেৰু নৃত্য প্ৰতিযোগিতাৰ প্ৰচাৰকসকলে মেৰু নৃত্যৰ বিষয়ে মানুহৰ ধাৰণা সলনি কৰিবলৈ চেষ্টা কৰি আহিছে যাতে মেৰু নৃত্যক আৰু এক্ৰোবেটিকছক এক অ-যৌন ৰূপ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। মেৰু ক্ৰীড়া হিচাপে মেৰুক অলিম্পিকলৈ স্থানান্তৰ কৰিবলৈও চেষ্টা চলি আহিছে। মেৰু নৃত্যক এক প্ৰকাৰৰ ব্যায়াম হিচাপেও গণ্য কৰা হয়।[7] যাক এৰোবিক ব্যায়াম আৰু এনাৰোবিক ব্যায়াম দুয়োটা হিচাপে ব্যৱহাৰ কৰিব পাৰি। মেৰু নৃত্যক স্বীকৃত দিয়া বিদ্যালয় আৰু অৰ্হতা এতিয়া সচৰাচৰ বহুতঠাইত দেখা যায়।[8]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/8/8e/Yoon_Bo-mi_at_Pink_Paradise_concert%2C_30_May_2015_04.jpg/640px-Yoon_Bo-mi_at_Pink_Paradise_concert%2C_30_May_2015_04.jpg)