মুমতাজ আস্কাৰি মাধৱানী (ইংৰাজী: Mumtaz Askari Madhvani , জন্ম: ৩১ জুলাই ১৯৪৭) ছবিজগতৰ পৰা অৱসৰ লোৱা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক বিশেষ হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ফিল্মফেয়াৰৰ পৰা দুটাকৈ বঁটা লাভ কৰিছে; এটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু আনটো চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা জীৱন জোৰা সাধনা বঁটা।[1]

ক্ষিপ্ৰ তথ্য মুমতাজ, জন্ম ...
মুমতাজ
জন্ম মুমতাজ আস্কাৰি
৩১ জুলাই, ১৯৪৭ (৭৬ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫৮-১৯৭৭
দাম্পত্যসঙ্গী ময়ূৰ মাধৱানি (বি. ১৯৭৪)
সন্তান নাতাশা আৰু টানিয়া (২)
আত্মীয়-স্বজন চাহৰুখ আস্কৰি (ভাতৃ)
চাহজাত আস্কাৰি (ভাতৃ)
মালিকা আস্কাৰি (ভগ্নী)
ৰানধাৱা
বন্ধ কৰক

কৰ্মজীৱন

Thumb
টাংগাৱালাত (১৯৭২) মুমতাজ

১৯৫৮ চনত ‘সোণে কী চিৰিয়া’ ছবি যোগে মুমতাজে শিশু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। ১৯৬০ দশকৰ প্ৰথম ভাগত কৈশোৰত ‘ৱল্লা ক্যা বাত হ্যায়’, ‘ষ্ট্ৰীট’ (১৯৬১) আৰু ‘চেহৰা’ত এক্সট্ৰা হিচাপে ভূমুকি মাৰে। প্ৰাপ্ত বয়স্ক অৱস্থাত ও.পি. ৰহিল্লাৰ এ-গ্ৰেড ছবি ‘গেহৰা দাগ’ত নায়কৰ ভনীয়েকৰ চৰিত্ৰত তেওঁ অভিনয় কৰে।[2] সফল ছবি ‘মুঝে জিনে দো’ত তেওঁ এটা সৰু চৰিত্ৰ পায়। পৰৱৰ্তী সময়ত ‘ফৌলাড’, ‘বীৰ ভীমসেন’, ‘টাৰ্জান কামচ্ টু দেলহী’, ‘চিকন্দৰ-ই-আজম’, ‘ৰুস্তম-ই-হিন্দ’, ‘ৰাকা’, ‘ডাকু মঙ্গল সিঙ’কে ধৰি ১৬খন একচন ছবিত মল্ল-যুঁজাৰু দাৰা সিঙৰ সৈতে নায়িকাৰ ভূমিকাত অভিনয় কৰাৰ সুযোগ পায়। দুয়ো একেলগে অভিনয় কৰা ছবিবোৰত দাৰাই ৪৫০,০০০টকা আৰু মুমতাজে ২৫০,০০০টকা পাৰিশ্ৰমিক পাইছিল।[3]

ৰাজেশ খান্না অভিনীত ৰাজ খোচলাৰ ব্লক বাষ্টাৰ ‘দো ৰাষ্টে’ ছবিখনে মুমতাজক অৱশেষত পূৰ্ণ পৰ্যায়ৰ তাৰকাত পৰিণত কৰে। যদিও ইয়াত মুমতাজৰ চৰিত্ৰটো বেছি ডাঙৰ নাছিল, পৰিচালক ৰাজ খোচলাই চাৰিটাকৈ গীত মুমতাজৰ ওপৰত চিত্ৰায়ণ কৰিছিল।[4] ছবিখনে মুমতাজক জনপ্ৰিয় কৰি তুলিছিল। তেওঁ স্বীকাৰ কৰিছিল যে যদিও ‘দো ৰাষ্টে’ৰ চৰিত্ৰটো সৰু আছিল, এতিয়াও এইখন তেওঁৰ ভাললগা ছবি।[2] ১৯৬৯ত ৰাজেশ খান্নাৰ সৈতে কৰা দো ৰাষ্টে আৰু বন্ধন বছৰটোৰ সকলোতকৈ ধন অৰ্জন কৰা ছবি আছিল। ছবি দুখনে ক্ৰমে ৬৫ মিলিয়ন আৰু ২৮ মিলিয়ন টকা আৰ্জিছিল।[5] যি শশী কাপুৰে ‘সচ্চা ঝুঠা’ত এজনী ষ্টাণ্ট অভিনেত্ৰী বুলি তেওঁৰ সৈতে অভিনয় কৰিবলৈ অমান্তি হৈছিল, ‘চোৰ মচায়ে শ্যোৰ’ত (১৯৭৩) তেওঁৰ বিপৰীতে অভিনয় কৰিবলৈ কাপুৰ ৰাজী হয়। ধৰ্মেন্দ্ৰৰ বিপৰীতে তেওঁ ‘লোফাৰ’ (১৯৭৩) আৰু ‘ঝিল কে উস পাৰ’ত (১৯৭৩) অভিনয় কৰে। তেওঁ ‘খিলোনা’ৰ (১৯৭০) বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[2] তেওঁ ফিৰোজ খানৰ লগত ‘মেলা’ (১৯৭১), ‘অপৰাধ’ (১৯৭২), ‘নাগিন’ (১৯৭৬) আদি বহু কেইখন হিট ছবি উপহাৰ দিছে। দহখন ছবিত তেওঁৰ আৰু ৰাজেশ খান্নাৰ যুঁটিটো সৰ্বাধিক সফল আছিল। ‘আয়না’ (১৯৭৭) ছবিৰ পিছত তেওঁ অভিনয় ত্যাগকৰে।[6]

ব্যক্তিগত জীৱন

শাম্মী কাপুৰে মুমতাজক ভাল পাইছিল আৰু বিয়া কৰাব বিচাৰিছিল। কিন্তু তেওঁ ইমান সোনকালে বিয়া হৈ চলচ্চিত্ৰ জগত ত্যাগ কৰিব বিচৰা নাছিল। ১৯৭৪ত তেওঁ ব্যৱসায়ী ময়ূৰ মাধৱানী বিয়া কৰায়। তেওঁলোকৰ দুজনী জীয়েক আছে। তাৰে এজনী নাতাশাই ২০০৬ চনত অভিনেতা ফিৰোজ খানৰ পুত্ৰ ফাৰদিন খানক বিয়া কৰাইছে।[7][8]

বঁটা আৰু সন্মান

  • ১৯৬৮- ‘ব্ৰহ্মচাৰী’ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টচ্ বঁটা[9]
  • ১৯৭০- খিলোনা ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা[10]
  • ১৯৯৬- ফিল্মফেয়াৰ জীৱন জোৰা সাধনা বঁটা
  • ২০০৮- ইণ্টাৰনেচনেল ইণ্ডিয়া ফিল্ম একাডেমী বঁটা (IIFA)[11]

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.