From Wikipedia, the free encyclopedia
মীৰ কাছিম (বাংলা: মীৰ কাশিম; মৃত্যু ৮ মে’ ১৭৭৭) ১৭৬০ চনৰ পৰা ১৭৬৩ চনলৈ বংগৰ নৱাব আছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সমৰ্থনত, শহুৰেক মীৰ জাফৰৰ ঠাইত, মীৰ কাছিমক বংগৰ নৱাব পতা হৈছিল। পিছত মীৰ জাফৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে বিবাদত লিপ্ত হৈছিল আৰু তেওঁলোকৰ পৰিৱৰ্তে ডাচ্চ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে মিত্ৰতা গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। অৱশেষত ব্ৰিটিছে চিনচুৰাত ডাচ্চসকলক পৰাস্ত কৰে আৰু মীৰ জাফৰক আঁতৰাই তেওঁৰ ঠাইত মীৰ কাছিমক নিযুক্ত কৰে।[1] কাছিম পিছত ব্ৰিটিছসকলৰপৰা আঁতৰি আহে আৰু বক্সাৰত তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিয়ে। তেওঁৰ পৰাজয়ক উত্তৰ আৰু পূব ভাৰতৰ এক বৃহৎ অংশত ব্ৰিটিছসকলৰ প্ৰভাৱশালী শক্তি হৈ পৰাৰ এক মুখ্য কাৰণ হিচাপে ধৰা হয়।[2]
মীৰ চৈয়দ কাছিম মীৰ মুহম্মদ ৰাজি খানৰ পুত্ৰ আছিল। তেওঁৰ ককাদেউতাক চৈয়দ হুছেইন ৰিধৱীয়ে ঔৰঙ্গজেৱৰ শাসনকালত মোগল সাম্ৰাজ্যত প্ৰৱেশ কৰিছিল, যি তেওঁক মীৰ হাদীৰ (শ্বেখ চুলেমান ফেজাইল) জীয়ৰীৰ সৈতে বিয়া পাতি দিছিল। ৰিধৱীক ইমতিয়াজ খান উপাধি প্ৰদান কৰা হয়, আৰু ৱাকিয়া-নাভিছ (অভ্যন্তৰীণ মন্ত্ৰী) আৰু পৰৱৰ্তী সময়ত বিহাৰৰ দেৱান পদত নিযুক্তি দিয়া হয়। কাছিমৰ ককাদেউতাকে খালিছ ছদ্মনামেৰে পাৰ্চী ভাষাত কবিতা লিখিছিল।[3]
কাছিমে মীৰ জাফৰ আৰু শ্বাহ খানুমৰ কন্যা ফাতিমা বেগম তথা বংগৰ নৱাব আলিবৰ্দী খানৰ নাতিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।[4][5] বংগৰ নৱাব হোৱাৰ আগতে তেওঁ প্ৰায় দুটা দশক ৰংপুৰৰ ফৌজাদাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[6]
সিংহাসনত আৰোহণ কৰাৰ পিছত, মীৰ কাছিমে ইষ্ট ইণ্ডিয়া কোম্পানীক আড়ম্বৰপূৰ্ণ উপহাৰেৰে পুৰস্কৃত কৰে। তেওঁ বাৰ্দ্ধমান, মেদিনীপুৰ আৰু চিটাগং জিলাৰ ৰাজহ সংগ্ৰহৰ অধিকাৰও প্ৰদান কৰে। [উদ্ধৃতিৰ প্ৰয়োজন] অৱশ্যে, কাছিমে সোনকালেই বাণিজ্যিক বিষয়ত কোম্পানীৰ সৈতে বিবাদত লিপ্ত হয়, কিয়নো কোম্পানীয়ে তেওঁলোকৰ সামগ্ৰীৰ ওপৰত কাছিমৰ আমদানি আৰু ৰপ্তানি শুল্ক আৰোপ কৰাৰ প্ৰচেষ্টাত আপত্তি কৰিছিল। তেওঁলোকে সকলো বিদেশী ব্যৱসায়ীৰ ৯শতাংশ শুল্ক আৰোপ কৰাত আপত্তি কৰিছিল। কাছিম আৰু কোম্পানীৰ মাজৰ সম্পৰ্কৰ লাহে লাহে অৱনতি ঘটিছিল, আৰু তেওঁ বৰ্তমানৰ বিহাৰৰ মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈ তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰি তাত সেনা সংগ্ৰহ কৰে আৰু কৰ সংগ্ৰহ সুশৃংখল কৰি তেওঁৰ নতুন সৈন্যসকলক পুঁজি যোগান ধৰে।[1]
কাছিমে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মোগল অনুজ্ঞাপত্ৰ (দস্তক)ক লৈ তেওঁলোকৰ স্থিতিৰ তীব্ৰ বিৰোধিতা কৰিছিল; এই অনুজ্ঞাপত্ৰৰ অৰ্থ আছিল যে, তেওঁলোকে কৰ পৰিশোধ নকৰাকৈ ব্যৱসায় কৰিব পাৰে (কিন্তু, দস্তক থকা আন স্থানীয় ব্যৱসায়ীসকলে তেওঁলোকৰ ৰাজহৰ ৪০% লৈকে কৰ হিচাপে পৰিশোধ কৰিব লাগিব)। ব্ৰিটিছে এই কৰ পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰাত হতাশ হৈ মীৰ কাছিমে স্থানীয় ব্যৱসায়ীসকলৰ ওপৰতো কৰ বাতিল কৰে। ইয়াৰ ফলত ইউৰোপীয় ব্যৱসায়ীসকলে এতিয়ালৈকে উপভোগ কৰি অহা সুবিধাবোৰৰপৰা বঞ্চিত হৈছিল আৰু শত্ৰুতা গঢ়ি উঠিছিল। মীৰ কাছিমে ১৭৬৩ চনত পাটনাত কোম্পানীৰ কাৰ্যালয় আক্ৰমণ কৰে, যাৰ ফলত আৱাসীসহ কেইবাজনো ইউৰোপীয় লোক নিহত হয়। মীৰ কাছিমে অৱধৰ চুজা-উদ-দৌলা আৰু ব্ৰিটিছৰ বিৰুদ্ধে বৰ্তমানৰ মোগল সম্ৰাট শ্বাহ আলম দ্বিতীয়ৰ সৈতে মিত্ৰতা কৰিছিল। অৱশ্যে, ১৭৬৪ চনত বক্সাৰ যুদ্ধত তেওঁলোকৰ মিলিত বাহিনী পৰাজিত হৈছিল।[7] নেপালৰ প্ৰথম ৰজা মহাৰাজাধিৰাজ পৃথ্বী নাৰায়ণ শ্বাহৰ শাসনকালত কাছিমে ১৭৬৩ চনত নেপালৰ হিন্দু ৰাজ্যত এটি চমু আক্ৰমণ আৰম্ভ কৰে। মাকৱানপুৰৰ মুখ্যমন্ত্ৰী কনক সিং বানিয়াই মাকৱানপুৰৰ ৰজা বিক্ৰম সেনক বন্দী কৰি ৰখাৰ পিছত শ্বাহৰ বিৰুদ্ধে কাছিমৰ হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছিল। কাছিমে নেপাল আক্ৰমণ কৰিবলৈ তেওঁৰ সেনাপতি গুৰগিন খানৰ অধীনত এটা সামৰিক বাহিনী প্ৰেৰণ কৰিছিল।
তেওঁৰ আগৰ চিৰাজ-উদ-দৌলাৰ বিপৰীতে, মীৰ কাছিম এগৰাকী কাৰ্যকৰী আৰু জনপ্ৰিয় শাসক আছিল। বক্সাৰত তেওঁলোকৰ বিজয়ে ইষ্ট ইণ্ডিয়া কোম্পানীক সাত বছৰ আগতে পলাশী আৰু পাঁচ বছৰ আগতে বেদাৰাতকৈ প্ৰকৃত অৰ্থত বংগ প্ৰদেশত এক শক্তিশালী শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৭৯৩ চনৰ ভিতৰত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজামাত (মোগল চুজেৰাইণ্টিৰ কথা উল্লেখ কৰি) বিলুপ্ত কৰে আৰু পূৰ্বৰ মোগল প্ৰদেশৰ সম্পূৰ্ণ বাঘজৰী নিজৰ হাতলৈ আনে।
বক্সাৰত পৰাজয় বৰণেৰে তেওঁৰ সকলো সৈন্য আৰু প্ৰতিপত্তি হেৰুওৱাৰ পিছত কাছিমক চুজা-উদ-দৌলাই ১৭৬৪ চনৰ ২৩ অক্টোবৰত তেওঁৰ শিবিৰৰ পৰা বহিষ্কাৰ কৰে; বহিষ্কাৰৰ পিছত কাছিম ক্ৰমে ৰোহিলাখণ্ড, এলাহাবাদ, গোহাদ আৰু যোধপুৰলৈ পলাই যায় আৰু অৱশেষত ১৯৭৪ত দিল্লী ওচৰৰ কোটৱালত বসতি স্থাপন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
১৯৭৭ চনৰ ৮ মে’ তাৰিখে দিল্লীৰ ওচৰৰ কোতৱালত মীৰ কাছিমৰ কিছু অস্পষ্ট কাৰণ আৰু অত্যাধিক দৰিদ্ৰতাৰ ফলত মৃত্যু হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.