From Wikipedia, the free encyclopedia
মিৰ্জা গালিব (ইংৰাজী: Mirza Ghalib, উৰ্দু: مرزا غالب; হিন্দী: मिर्ज़ा ग़ालिब) হৈছে সৰ্বকালৰ প্ৰসিদ্ধ উৰ্দু কবিসকলৰ মাজৰ এজন। মিৰ্জা আছাদুল্লা বাইগ খান (ইংৰাজী: Mirza Asadullah Baig Khan, উৰ্দু/পাৰ্ছী: مرزا اسد اللہ بیگ خان) ৰূপে তেখেতৰ জন্ম হৈছিল৷ গালিব হৈছে তেওঁৰ ছদ্মনাম।১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত গালিবৰ জন্ম হয়। গালিবৰ আনুষ্ঠানিক শিক্ষা সম্বন্ধে ইমান বিতঙকৈ জনা নাযায়৷ তেওঁৰ জীৱনৰ আদিছোৱা আৰু আনুষ্ঠানিক শিক্ষাৰ বিষয়ে কোনো লিখিত তথ্য নথকাৰ কাৰণে ইয়ে পণ্ডিত সমাজক বিবুধিত পেলাই আহিছে৷ তথাপিও, এনেকৈয়ে কোৱা হয় যে দিল্লীৰ অভিজাত, সন্মানীয় আৰু বিজ্ঞসমাজৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল৷ অতি কম বয়সত, ১৮১০ চনৰ আশেপাশে এটা অতি সন্মানীয় পৰিয়ালৰ সৈতে তেওঁৰ বৈবাহিক সম্বন্ধ ঘটিছিল৷ ইয়াকো লগতে কোৱা হয় যে গালিবৰ সাতটি সন্তান আছিল কিন্তু দুৰ্ভাগ্যবশতঃ সাতোটি সন্তানৰ এটিও বাচি থকা নাছিল৷ এই দুখ তেওঁ কবিতাৰ জড়িয়তে নিগৰিত হৈছিল৷ গালিবৰ সুৰা আৰু জুৱাৰ প্ৰতি আসক্তি আছিল৷ যদিও সেই সময়ত জুৱা খেলক এক সামাজিক অপৰাধ বুলি গণ্য কৰা হৈছিল।
মিৰ্জা গালিব مرزا غالب মোগল যুগৰ উৰ্দু কবি | |
---|---|
মিৰ্জা আছাদুল্লা বাইগ খান | |
জন্ম | ২৭ ডিচেম্বৰ, ১৭৯৭ আগ্ৰা, মোগল সাম্ৰাজ্য |
মৃত্যু | ১৫ ফেব্ৰুৱাৰী, ১৮৬৯ (৭১ বছৰ) দিল্লী, পঞ্জাব, ব্ৰিটিছ ইণ্ডিয়া |
ছদ্মনাম | আছাদ, গালিব |
পেচা | কবি |
সময় | মোগল যুগ |
ধৰণ | গজল |
বিষয় | প্ৰেম, দৰ্শন |
প্ৰভাবিত হয়
| |
প্ৰভাবিত কৰে
|
১৮৬৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে এইজনা বিখ্যাত কবিয়ে শেষ নিশ্বাস ত্যাগ কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.