মিনিমেক্স উপপাদ্য
From Wikipedia, the free encyclopedia
খেল সূত্ৰত মিনিমেক্স উপপাদ্য (ইংৰাজী: Minimax theorem) এনে এক উপপাদ্য যিয়ে সেই চৰ্তসমূহ প্ৰদান কৰে, যি চৰ্ত পূৰ্ণ হ'লে মিন-মেক্স অসমতা এটি সমতাও হয়। এই ধাৰণাৰে, এনে প্ৰথম উপপাদ্য হ'ল জন ভন নিউমেনৰ ১৯২৮ চনৰ মিনিমেক্স উপপাদ্য, যাক খেল সূত্ৰৰ আৰম্ভণি বুলিও অনেকে গণ্য কৰে। ভন নিউমেন আৰু মৰ্গেনষ্টাৰ্ণৰ গ্ৰন্থ "এ থিয়ৰি অৱ গেমছ এণ্ড ইকনমিক বিহেভিয়াৰ" (খেল আৰু অৰ্থনৈতিক আচৰণৰ এটি তত্ত্ব)তেই খেল সূত্ৰৰ জন্ম বুলি অনেকে মত প্ৰকাশ কৰে। এই প্ৰথম উপপাদ্যৰ পাছত অনেক গৱেষকে এই উপপাদ্যৰ কেইবাটাও সাধাৰণ ৰূপ প্ৰস্তুত কৰি উলিয়াইছে।[1][2]