মিথানল
From Wikipedia, the free encyclopedia
মিথানল বা মিথাইল এলক’হল (ইংৰাজী: Methanol or Methyl Alcohol) হৈছে এবিধ ৰাসায়নিক পদাৰ্থ তথা সৰলতম এলক’হল যাৰ আণৱিক সংকেত CH3OH। ইয়াক সংক্ষেপে MeOH হিচাপে লিখা হয়। মিথানল এবিধ পাতল, উদ্বায়ী, বৰণহীন, জ্বলনশীল তৰল যাৰ ইথানলৰ নিচিনা এক বিশেষ সুৰাৰ গোন্ধ আছে।[1] বৰ্তমান সময়ত মুখ্যতঃ কাৰ্বন মনোক্সাইডৰ হাইড্ৰজেনকৰণৰ দ্বাৰা ঔদ্যোগিকভাৱে মিথানল উৎপাদন কৰা হয়।[2] মুক্ত বতাহৰ উপস্থিতিত মিথানলে অক্সিজেন পুৰি কাৰ্বন ডাই অক্সাইড আৰু পানী (H2O) উৎপন্ন কৰে: 2 CH3OH + 3 O2 → 2 CO2 + 4 H2O
এই ৰসায়ন বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |