মাৰ্টিন লুথাৰ কিং, কনিষ্ঠ
আমেৰিকাৰ বেপ্টিষ্ট মন্ত্ৰী আৰু নাগৰিক অধিকাৰৰ নেতা / From Wikipedia, the free encyclopedia
আমেৰিকান পাদ্ৰী মাৰ্টিন লুথাৰ কিং, অনুজ আছিল একাধাৰে সক্ৰিয় কৰ্মী, আফ্ৰিকীয়-আমেৰিকান গণ অধিকাৰ আন্দোলনৰ আগশাৰীৰ নেতা। তেওঁক বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে গণ অধিকাৰৰ বিষয়ে সজাগতা অনাৰ বাবে জনা যায়। মহাত্মা গান্ধীৰ অহিংস নীতিয়ে তেওঁক প্ৰভাৱিত কৰে আৰু নিজ কৰ্মপদ্ধতিতো ইয়াৰ প্ৰয়োগ কৰে।[1]
মাৰ্টিন লুথাৰ কিং, অনুজ | |
---|---|
জন্ম | মাইকেল কিং, অনুজ ১৫ জানুৱাৰী, ১৯২৯ আটলাণ্টা, জৰ্জিয়া, আমেৰিকা |
মৃত্যু | ৪ এপ্ৰিল, ১৯৬৮ (৩৯ বছৰ) মেম্ফিচ, টেনচী, আমেৰিকা |
শিক্ষা | মুৰহাউচ কলেজ, ক্ৰ্'জাৰ থিয়'ল'জিকেল চেমিনাৰী, ব'ষ্ট'ন বিশ্ববিদ্যালয় |
প্ৰভাৱ | যীশু, আব্ৰাহাম লিংকন, মহাত্মা গান্ধী, বেঞ্জমিন মেইচ্, লিও টলষ্টয় |
ৰাজনৈতিক আন্দোলন | আফ্ৰিকিয়-আমেৰিকান গন অধিকাৰ আন্দোলন, শান্তি আন্দোলন |
দাম্পত্যসঙ্গী | ক'ৰেট্টা স্কট কিং |
পিতৃ-মাতৃ | মাৰ্টিন লুথাৰ কিং, চিনিয়'ৰ এলবাৰ্টা ৱিলিয়ামচ কিং |
সন্তান | য়'লাণ্ডা কিং মাৰ্টিন লুথাৰ কিং ,৩য় ডেস্কটাৰ স্কট কিং বাৰ্নিচ কিং |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শান্তিৰ নোবেল বঁটা (১৯৬৪) |
স্বাক্ষৰ | |
এজন ব্যাপ্তিষ্ট পাদুৰি কিঙে কৰ্মজীৱনৰ আৰম্ভণিতেই এজন সক্ৰিয় গন-অধিকাৰ কৰ্মী হৈ পৰে। ১৯৫৫ চনত তেওঁ মণ্টগোমাৰী বাচ বয়্কটত নেতৃত্ব দিয়ে। তেখেতৰ চেষ্টাতেই বিখ্যাত ৱাচিংটনৰ সমদল হয়। ইয়াতে তেওঁ “মোৰো এটি সপোন আছে (I have a dream)” ভাষণটি দিয়ে। এই ভাষণৰ বাবেই তেওঁক আমেৰিকাৰ সৰ্বোকৃষ্ট বক্তাসকলৰ এজন বুলি কোৱা হয় আৰু তেখেতে এজন গন-অধিকাৰ সংগ্ৰামী হিচাপে খ্যাতি লাভ কৰে।
বৰ্ণবৈষম্যৰ বিৰুদ্ধে কৰা অহিংস সংগ্ৰামৰ বাবে ১৯৬৪ চনৰ শান্তিৰ নোবেলেৰে মাৰ্টিন লুথাৰ কিঙক সন্মানিত কৰা হয়। ইয়াৰ পাচতো কিঙে দাৰিদ্ৰ আৰু ভিয়েটনাম যুদ্ধৰ বিপক্ষে যুঁজে।
৪ এপ্ৰিল ১৯৬৮ ত টেনচীত মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত মৃত্যুবৰণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত এই দিনটোতে মাৰ্টিন লুথাৰ কিং দিৱস পালন কৰি তেখেতলৈ সন্মান জনোৱা হয়।