মাৰ্ক’ প’ল’
From Wikipedia, the free encyclopedia
মাৰ্ক' প'ল' (ইংৰাজী: Marco Polo) এজন ইটালীয় ব্যৱসায়ী তথা পৰিব্ৰাজক[1][2]। তেখেতৰ ভ্ৰমণ কাহিনীসমূহ মাৰ্ক' প'ল'ৰ ভ্ৰমণ কাহিনী (The Travels of Marco Polo) নামৰ গ্ৰন্থত লিপিবদ্ধ হৈ আছে। তেওঁ ১২৭১চনত দেউতাক নিক’ল’ আৰু খুৰাক মাফিৱ’ৰ লগত এছিয়া মহাদেশেৰে চীনলৈ এটা মহাকাব্যিক ভ্ৰমণ সম্পন্ন কৰে। চীনৰ মঙ্গোল সম্ৰাট কুবঁলাই খাঁ (Kublai Khan)ৰ দৰবাৰত বহু বছৰ কটাই ১২৯৫চনত ২৪ বছৰৰ অন্তত পুনৰ ভেনিচত উপস্থিত হয়।
ক্ষিপ্ৰ তথ্য মাৰ্ক' প'ল', জন্ম ...
মাৰ্ক' প'ল' | |
---|---|
জন্ম | ১৫ ছেপ্টেম্বৰ, ১২৫৪ Venice, Republic of Venice |
মৃত্যু | ৮ জানুৱাৰী, ১৩২৪ (৬৯ বছৰ) Venice, Republic of Venice |
সমাধিস্থল | Church of San Lorenzo 45.4373°N 12.3455°E / 45.4373; 12.3455 |
পেচা | Merchant |
জনা যায় | The Travels of Marco Polo |
ধৰ্ম | Catholicism |
দাম্পত্যসঙ্গী | Donata Badoer |
পিতৃ-মাতৃ | Mother: Nicole Anna Defuseh Father: Niccolò Polo |
সন্তান | Fantina, Bellela and Moretta |
বন্ধ কৰক
মাৰ্ক' প'ল' চীনত উপস্থিত হোৱা প্ৰথম গৰাকী ইউৰোপীয় ব্যক্তি নাছিল,কিন্তু তেৱেই প্ৰথম ব্যক্তি যিয়ে নিজৰ ভ্ৰমণৰ বিশদ বিৱৰণ কালক্ৰমত লিখি গৈছে। তেওঁৰ কিতাপখনে ক্ৰিষ্টোফাৰ কলম্বাছক অনুপ্ৰাণিত কৰিছিল।[3]