From Wikipedia, the free encyclopedia
মাৰা ৰুডমেন (ইংৰাজী: Mara Rudman) আমেৰিকা চৰকাৰৰ প্ৰাক্তন বিষয়া, বৰ্তমান চেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছৰ নীতিৰ কাৰ্যবাহী উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[1] তেওঁ কোৰাম ষ্ট্ৰেটেজিছৰ সভানেত্ৰী আৰু মিডল ইষ্ট প্ৰগ্ৰেছৰ এগৰাকী উপদেষ্টা।[2]
মাৰা ই ৰুডমেন | |
---|---|
জন্ম | ১৯৬২ ছান এণ্টনিঅ’, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | আমেৰিকান প্ৰগ্ৰেছৰ কেন্দ্ৰত নীতিৰ বাবে কাৰ্যবাহী উপ-সভাপতি |
টেক্সাছৰ ছান এণ্টনিঅ'ত জন্মগ্ৰহণ কৰা মাৰা ৰুডমেনে মেছাচুচেটছৰ হায়ানিছত ডাঙৰ হৈছিল।[3] তেওঁ ডাৰ্টমাউথ কলেজৰ পৰা ছামা কাম ল’ড ডিগ্ৰী আৰু হাৰ্ভাৰ্ড ল স্কুলৰ পৰা কাম ল’ড ডিগ্ৰী লাভ কৰিছে।[4]
মাৰা ৰুডমেনে ৰাষ্ট্ৰপতি ওবামা আৰু ক্লিণ্টনৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ৰ বাবে ৰাষ্ট্ৰপতিৰ উপ-সহকাৰী, আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাৰ মধ্যপ্ৰাচ্যৰ বাবে সহকাৰী প্ৰশাসককে ধৰি ৰাজহুৱা সেৱাসমূহ কাৰ্যকৰী কৰিছিল।[5] তেওঁ আমেৰিকাৰ কংগ্ৰেছী গেৰী ষ্টাডছৰ সহায়িকা আছিল, আৰু হাৰ্ভাৰ্ড ল স্কুলৰ হিউমেন ৰাইটছ জাৰ্নেলৰ মুখ্য সম্পাদক আছিল।[6] ১৯৯৩-১৯৯৭ চনলৈকে ৰুডমেনে সদনৰ বৈদেশিক পৰিক্ৰমা সমিতিৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে অধ্যক্ষ লি হেমিল্টন (ডি-আইএন)ৰ অধীনত কাৰ্যনিৰ্বাহ কৰিছিল।[2] তেওঁ ১৯৯৯ চনৰ পৰা ২০০১ চনলৈকে ৰাষ্ট্ৰপতি ক্লিণ্টনৰ উপ-ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখ্য কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[7] ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে কৌশলগত পৰিকল্পনাৰ জ্যেষ্ঠ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু তাৰ পিছত তেওঁ এগৰাকী জ্যেষ্ঠ ফেলো আৰু মিডল ইষ্ট প্ৰগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল।[8] তেওঁ আমেৰিকান বিশ্ববিদ্যালয়ত ডিপ্লমেট ইন ৰেচিডেন্স পদত, আৰু ডাৰ্টমাউথ আৰু জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত এডজাণ্ট পদত অধ্যাপনা কৰিছে।[9][4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.