মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০
From Wikipedia, the free encyclopedia
উৰণ সংখ্যা MH-370 নামৰ আন্তঃৰাষ্ট্ৰীয় উৰাজাহাজ এখন মালায়ছিয়াৰ কুৱালালামপুৰ চহৰৰ পৰা চীনদেশৰ বেইজিং চহৰলৈ গৈ থকাৰ মাজ আকাশত নোহোৱা হৈ যায়৷ ২২৭জন যাত্ৰী, দুজন বিমানচালক আৰু ১০গৰাকী পৰিচাৰীকাৰে সৈতে উৰাজাহাজখন ৮-মাৰ্চ-২০১৪-ৰ মাজনিশা স্থানীয় ০১:২০ বজাত উৰিবলৈ আৰম্ভ কৰাৰ ৪৫ মিনিটমানৰ পিছতে সকলোবোৰ ৰাডাৰ পৰ্দাৰ পৰা হেৰাই যায়৷ ভূমিস্থ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ লগতো সকলো ৰেডিঅ’ সংযোগ হেৰাই যায়৷
নিৰুদ্দেশ হোৱা মালয়েছিয়া এয়াৰলাইন্সৰ 9M-MRO বিমানখন, ২০১১ চনত | |
নিৰুদ্দেশৰ সাৰাংশ | |
---|---|
তাৰিখ | ৮ মাৰ্চ ২০১৪ (2014-03-08); ১০ বছৰ পূৰ্বে |
সংক্ষিপ্ত বিবৰণ | কাৰণ জনা নাযায়, বিমানৰ কিছু অংশ উদ্ধাৰ হৈছে |
স্থান | দক্ষিণ ভাৰত মহাসাগৰ (অনুমান) |
যাত্ৰীৰ সংখ্যা | ২২৭ |
কৰ্মচাৰীৰ সংখ্যা | ১২ |
নিহত | ২৩৯ (অনুমান) |
জীৱিত থাকে | ০ (অনুমান) |
বিমানৰ ধৰণ | Boeing 777-200ER |
পৰিচালক | মালয়েছিয়া এয়াৰলাইন্স |
পঞ্জীয়ন | 9M-MRO |
যাত্ৰাৰ আৰম্ভনি | কুৱালালামপুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ |
লক্ষ্যস্থান | বেইজিং কেপিটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ |
লগে লগে এক বিশাল আন্তৰ্জাতিক অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা যায়৷ প্ৰথমতে উৰাজাহাজখন দক্ষিণ চীন উপসাগৰ য’ৰ পৰা অন্তৰ্ধান হৈছিল তাৰ দাঁতীকাষৰীয়া অঞ্চলসমূহত অনুসন্ধান চলোৱা হয়৷ কিছুদিনৰ ভিতৰতে এই অনুসন্ধান মালাক্কা প্ৰণালী, আন্দামান সাগৰ আদিলৈও সম্প্ৰসাৰিত হয়৷ প্ৰত্যক্ষভাৱে জড়িত মালায়ছিয়া, চীনা, ভিয়েটনাম আদিৰ লগতে ভাৰত, থাইলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া আদি মুঠ ২৬খন দেশ এই অভিযানত জড়িত হৈ পৰে৷
উপৰোক্ত অঞ্চলসমূহত উৰাজাহাজখনৰ কোনো ভগ্নাংশ নোপোৱাত, ৰাডাৰ আৰু কৃত্ৰিম উপগ্ৰহত পোৱা সংকেত বিশ্লেষণ কৰি এতিয়া ই ভাৰত মহাসাগৰৰ দক্ষিণত অষ্ট্ৰেলিয়াৰ পাৰ্থ-নগৰৰ পৰা পশ্চীম দিশে প্ৰায় ২০০০ কি.মি. দূৰত সাগৰৰ তলীত পৰি আছে বুলি অনুমান কৰা হৈছে৷ সেইবাবে মালায়ছিয়াৰ অনুৰোধত, অষ্ট্ৰেলীয়াৰ নেতৃত্বত ভাৰত মহাসগৰৰ দক্ষিণ অংশত এক বিশাল অভিযান চলোৱা হয়৷ কেইবাখনো উচ্চ প্ৰযুক্তিৰ বিমান, নৌ-সেনাৰ জাহাজ আদিয়ে ৪৫০০ মিটাৰতকৈয়ো দ পানী থকা, নিকততম ভূখণ্ডৰ পৰা ১০০০-২০০০ কি.মি. নিলগত এই দুৰ্গম্য অঞ্চলৰ এক বৃহত অংশত কেইবাদিনো ধৰি অনুসন্ধান চলায়৷ তাৰে এটা অংশৰ পৰা অৱশেষত এক ধ্বনি-সংকেত পোৱা যায়, ইয়াক অন্তৰ্ধান হোৱা উৰাজাহাজখনৰ black-box-ৰ পৰা অহা সংকেত বুলি ঠাৱৰ কৰা হয়৷ সেই নিৰ্দিষ্ট অংশত অত্যাধুনিক স্বয়ংচালিত শিহুজাহাজৰ সহায়ত অনুসন্ধান চলোৱা হয়৷ কিন্তু তাতো এতিয়ালৈকে একো পোৱা নগ’ল৷
এই ঘটনাটিয়ে ইতিমধ্যে মানৱ উৰণ-প্ৰযুক্তিৰ বুৰঞ্জীত সবাতোকৈ ৰহস্যজনক আৰু অসমাধিত ঘটনা বুলি পৰিগণিত হৈছে৷