ভাইৰাছজনিত ৰোগ From Wikipedia, the free encyclopedia
মাম্প্ছ বা পিঠা খোৱা মাম্প্ছ ভাইৰাছে কৰা এক ভাইৰেল ৰোগ।[2] ৰোগৰ আৰম্ভণিতে জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ, আভোক, গা বেয়া লগা আদি হয়।[1][6] ইয়াৰ পাছত এটা বা দুয়োটা লালটী গ্ৰন্থি বিষেৰে ফুলি উঠে।[4][6] ভাইৰাছ সংষ্পৰ্শৰ ১৬-১৮ দিনৰ পাছত লক্ষণে দেখা দিয়ে আৰু ৭-১০ দিনৰ পাছত আঁতৰি যায়।[1][2] শিশুতকৈ বয়স্ক লোকৰ ক্ষেত্ৰত লক্ষণৰ প্ৰাবল্য বেছি।[1] প্ৰায় এক-তৃতীয়াংশ লোকৰ একেবাৰে সামান্য লক্ষণ থাকে বা নাথাকেই।[1] জটিলতাৰ ভিতৰত মেনিঞ্জাইটিছ (১৫%), পেন্ক্ৰিয়াটাইটিছ (৪%), মায়'কাৰ্ডাইটিছ, স্থায়ী বধিৰতা, আৰু অৰ্কাইটিছ মুখ্য,- শেহৰটোৰ ফলত কেতিয়াবা অনুৰ্বৰতাই দেখা দিয়ে।[1][6] ম্হিলাৰ ক্ষেত্ৰতো ডিম্বাশয় ফুলিব পাৰে, কিন্তু ই অনুৰ্বৰতাৰ আশংকা নবঢ়ায়।[4]
মাম্প্ছ (mumps) | |
---|---|
অন্য নাম | যদুমণি, পিঠা খোৱা, কৰ্ণমূল, শিয়াল গলা, epidemic parotitis |
মাম্প্ছ হোৱা এজন শিশু | |
বিভাগ | সংক্ৰামক ৰোগ |
লক্ষণ | জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ, গা বেয়া লগা, লালটী গ্ৰন্থি ফুলা[1] |
জটিলতা | মেনিঞ্জাইটিছ, পেন্ক্ৰিয়াটাইটিছ, বধিৰতা, অনুৰ্ব্বৰতা (পুৰুষ)[1] |
আৰম্ভণি | ~সংস্পৰ্শৰ ১৭ দিনৰ পাছত[1][2] |
স্থায়িত্ব | ৭-১০ দিন[1][2] |
কাৰণ | মাম্প্ছ ভাইৰাছ[2] |
ৰোগ নিৰূপণ | ভাইৰেল কাল্চাৰ, তেজত প্ৰতিদেশ[2] |
প্ৰতিৰোধ | মাম্প্ছ প্ৰতিষেধক[1] |
চিকিৎসা | সমৰ্থক চিকিৎসা[3] |
ঔষধ | বিষৰ ঔষধ, সিৰাত ইম্যুন'গ্ল'বুলিন[4] |
আৰোগ্য সম্ভাৱনা | ১০,০০০ জনৰ ভিতৰত এজনৰ মৃত্যু[1] |
পুনৰাবৃত্তি | উন্নয়নলীল দেশত বেছি[5] |
মাম্প্ছ এক অতি সোঁচৰা ৰোগ। ওচৰে ওচৰে থকা লোকৰ মাজত ই ক্ষিপ্ৰভাৱে বিয়পে।[7] নিশাহৰ কণিকাৰ (respiratory droplet) যোগেদি বা ৰোগীৰ লগত প্ৰত্যক্ষ সংযোগেৰে ভাইৰাছবিধ বিয়পে।[2] কেৱল মানুহহে এই ৰোগত আক্ৰান্ত হয় আৰু ৰোগ বিয়পায়।[1] লক্ষণ আৰম্ভ হোৱাৰ প্ৰায় ৭ দিনৰ আগৰে পৰা ৮ দিনৰ পাছলৈকে ৰোগীৰ পৰা ভাইৰাছ বিয়পে।[8] এবাৰ সংক্ৰমণ হোৱাৰ পাছত ব্যক্তিজনৰ জীৱনজোৱা অনাক্ৰম্যতা গঢ়ি উঠে।[1] পুনৰবাৰ সংক্ৰমণ হোৱা সম্ভৱ, কিন্তু তেতিয়া ৰোগৰ প্ৰাবল্য সামান্য হয়।[9] লালটী গ্ৰন্থি ফুলিলে ৰোগৰ সন্দেহ কৰা হয় আৰু লালটী নলীকাৰ পৰা লোৱা নমুনাত ভাইৰাছৰ উপস্থিতি ধৰা পেলাই ৰোগ নিৰ্ণয় কৰা হয়।[2] তেজত IgM প্ৰতিদেহ ধৰা পেলোৱাটো উজু, কিন্তু প্ৰতিষেধক লোৱা থকা লোকৰ ক্ষেত্ৰত ই মিছাকৈ ধৰা নপৰিব পাৰে।[2]
মাম্প্ছক মাম্প্ছ প্ৰতিষেধকৰ দুটা বেজীৰে প্ৰতিৰোধ কৰিব পাৰি।[1] ভাৰততো সৰুআই আৰু ৰুবেলাৰ লগত একেলগে মাম্প্ছৰ প্ৰতিষেধক (MMR) দিয় হয়।[1] টীকাকৰণ কমকৈ হোৱা দেশত বয়স্ক লোকৰ ক্ষেত্ৰত ৰোগৰ হাৰ বেছি হ'ব পাৰে।[4] ইয়াৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই।[1] পেৰাচিতামলৰ দৰে জ্বৰ আৰু বিষৰ ঔষধেৰে সমৰ্থক চিকিৎসা প্ৰদান কৰা হয়।[4] কোনো কোনো জটিলতাত ইন্ট্ৰাভেনাছ ইম্যুন'গ্ল'বুলিনে কাম দিব পাৰে।[4] মেনিঞ্জাইটিছ আৰু পেন্ক্ৰিয়াটাইটিছে দেখা দিলে চিকিৎসালয়ত ভৰ্তি কৰোৱা আৱশ্যক।[7][9] সংক্ৰমণ হোৱা প্ৰতি ১০,০০০ জন লোকৰ প্ৰায় এজনৰ মৃত্যু ঘটে।[1]
ছীটা নল'লে প্ৰতি বছৰে সমূহ লোকৰ প্ৰায় ০.১ৰ পৰা ১% লোক ৰোগত ভুগে।[1] বহুল প্ৰতিষেধকৰ ব্যৱহাৰে ৰোগৰ হাৰ ৯০%তকৈও অধিক কম কৰিছে।[1] ছীটাকৰণ কম হোৱা উন্নয়নশীল দেশত ৰোগৰ হাৰ বেছি।[5] প্ৰতিষেধক লোৱা অঞ্চলতো ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে।[4] টীকাকৰণৰ প্ৰচলনৰ আগতে গোটেই পৃথিৱীতে শিশুকালত প্ৰায়েই মাম্প্ছ হৈছিল।[1] আগতে প্ৰতি ২ বছৰৰ পৰা ৫ বছৰৰ পাছত ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল।[1] ৫ৰ পৰা ৯ বছৰীয়া শিশু অধিক আক্ৰান্ত হৈছিল।[1] প্ৰতিষেধক লোৱাসকলৰ মাজতো কুৰি বছৰৰ আগছোৱাৰ লোক অধিক আক্ৰান্ত হয়।[4] বিষুব ৰেখাৰ ওচৰে-পাজৰে প্ৰায় গোটেই বছৰ জুৰি ৰোগ দেখা যায়, আনহাতে উত্তৰ বা দক্ষিণৰ অঞ্চলসমূহত শীত আৰু বসন্তকালি ৰোগ বেছিকৈ দেখা যায়।[1] [হিপ'ক্ৰেটিছ|হিপ'ক্ৰেটিছে]] খী:পূ: পঞ্চম শতিকাতে লালটী গ্ৰন্থি আৰু অণ্ডাশয়ৰ বিষজনক ফুলা বৰ্ণনা কৰিছিল।[2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.