![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/ea/Matilda_Effect.png/640px-Matilda_Effect.png&w=640&q=50)
মাটিল্ডা প্ৰভাৱ
মহিলা বিজ্ঞানীৰ সফলতাক স্বীকৃতি নিদি কৰা পক্ষপাতিত্ব / From Wikipedia, the free encyclopedia
মহিলা বিজ্ঞানীৰ সফলতাক স্বীকৃতি নিদি তেওঁলোকৰ পুৰুষ সহকৰ্মীৰ প্ৰতি কৰা পক্ষপাতিত্বক মাটিল্ডা প্ৰভাৱ (ইংৰাজী: Matilda effect) বোলে। মতাধিকাৰ কৰ্মী মাটিল্ডা জ'ছলিন গেজে (Matilda Joslyn Gage, ১৮২৬-৯৮) তেওঁৰ "Woman as Inventor" নামৰ ৰচনাত (১৮৭০-ত প্ৰথমবাৰ আৰু ১৮৮৩ চনত নৰ্থ এমেৰিকান ৰিভিউত প্ৰকাশিত) এই প্ৰভাৱৰ উল্লেখ কৰে। ১৯৯৩ চনত বিজ্ঞান ইতিহাসবিদ মাৰ্গাৰেট ৰজিটাৰে প্ৰথমবাৰ "Matilda effect" নামটো ব্যৱহাৰ কৰে।[1]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/e/ea/Matilda_Effect.png/320px-Matilda_Effect.png)
ৰ'জিটাৰে এই প্ৰভাৱৰ কেইবাটাও উদাহৰণ দিয়ে। ১২শ শতিকাৰ ইটালীয় মহিলা চিকিৎসক ট্ৰ'টুলাই (Trota of Salerno) লিখা গ্ৰন্থবোৰ তেওঁৰ মৃত্যুৰ পাছত পুৰুষ লেখকৰ বুলি অভিহিত কৰা হৈছিল। ঊনবিংশ আৰু বিংশ শতিকাত এনে প্ৰভাৱ নেটি ষ্টিভেন্স (Nettie Stevens),[2] মাৰিয়া কিউৰি (Maria Skłodowska Curie), লিজ মেইটনাৰ (Lise Meitner), মেৰিয়েটা ব্লু (Marietta Blau), ৰ'জালিণ্ড ফ্ৰেংকলিন (Rosalind Franklin), আৰু জ'চলিন বে'ল বাৰ্নেল (Jocelyn Bell Burnell) আদিৰ ক্ষেত্ৰত পৰিলক্ষিত হয়।
মাটিল্ডা প্ৰভাৱ "মেথিউ প্ৰভাৱ" (Matthew effect)ৰ লগত তুলনা কৰা হৈছিল, য'ত একে বা একেলগে কাম কৰা সত্বেও এজন প্ৰখ্যাত বিজ্ঞানীয়ে এজন তুলনামূলকভাৱে অজানা গৱেষকতকৈ অধিক সুনাম অৰ্জন কৰে।[3][4]
ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা বিদ্যালয়ৰ স্নায়ুজীৱবিজ্ঞানী বেন বৰিছে (১৯৫৪-২০১৭) ১৯৯৭ চনত মহিলাৰ পৰা পুৰুষলৈ লিংগ পৰিৱৰ্তন কৰিছিল। লিংগ অনুসৰি একে কৃতিত্বকে আনে ভিন্নভাৱে গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰিছিল।[5]