মাঘনোৱা দ’ল
অসমৰ মন্দিৰ তথা পুৰাতাত্বিক স্থান / From Wikipedia, the free encyclopedia
মাঘনোৱা দ’ল অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত এটা দ'ল। ইয়াক ফুলবাৰী দ’ল নামেৰেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত এই দ’লটো অৱস্থিত। এসময়ত ই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী কালীৰ এক মুখ্য পূজন স্থলী আছিল। আহোম ৰাজত্বত কেইবাজনো স্বৰ্গদেৱে এই ঠাই দৰ্শন কৰাৰ প্ৰমাণ পোৱা যায়। মানৰ আক্ৰমণৰ সময়ত দলৈ আৰু পূজাৰীসকলে ইয়াৰপৰা যাওঁতে দ’লৰ মুখ্য প্ৰতিমা (বিগ্ৰহ) ভাগ লুকুৱাই ৰখা হৈছিল কিন্তু ই দ’ললৈ পুনৰ ঘূৰি নাহিল। পিছত কলাবাৰী ঘৰ সাজি প্ৰতিমা ভাগ স্থাপন কৰা হয়। এইয়াই হ’ল বৰ্তমানৰ বৰকালিকা থান।[1]
ক্ষিপ্ৰ তথ্য মাঘনোৱা দ’ল, ভূ-স্থানাংক ...
মাঘনোৱা দ’ল | |
---|---|
মাঘনোৱা দ’লৰ সম্মুখভাগৰ দৃশ্য | |
ভূ-স্থানাংক | 26°57′30.48″N 93°47′54.45″E |
নাম | |
অন্য নাম | ফুলবাৰী দ’ল |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | লখিমপুৰ |
এলেকা | নাৰায়ণপুৰৰ ফুলবাৰী |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | কালী, শিৱ |
স্থাপত্য শৈলী | আহোম যুগীয়া |
মন্দিৰৰ সংখ্যা | এটা |
ইতিহাস | |
প্ৰতিস্থাপক | কোনো আহোম স্বৰ্গদেউ |
বন্ধ কৰক