মাইকেল ফিংক
আমেৰিকান মহাকাশচাৰী / From Wikipedia, the free encyclopedia
এডৱাৰ্ড মাইকেল ফিংক( ইংৰাজী : Edward Michael Fincke ; জন্ম: ১৪ মাৰ্চ, ১৯৬৭) এজন আমেৰিকান মহাকাশচাৰী । পূৰ্বতে মহাকাশত সৰ্বাধিক সময় (৩৮১.৬ দিন) থাকি তেওঁ আমেৰিকাৰ হৈ অভিলেখ গঢ়িছিল। ২০১৫ চনৰ ১৬ অক্টোবৰত স্কট কেলিয়ে তেওঁৰ অভিলেখ ভংগ কৰিছিল। ২০১৯ চনৰ জানুৱাৰী মাহত ফিংকক বয়িঙৰ চি.এছ.টি.-১০০ ষ্টাৰলাইনাৰৰ প্ৰথমখন ক্ৰুযুক্ত বিমানত উৰণৰ বাবে নিৰ্বাচিত কৰা হৈছিল।
এডৱাৰ্ড মাইকেল ফিংক | |
---|---|
এপ্ৰিল, ২০০৬ ত ফিংক | |
ব্যক্তিগত তথ্য | |
জন্ম | এডৱাৰ্ড মাইকেল ফিংক ১৪ মাৰ্চ, ১৯৬৭ (৫৬ বছৰ) পিটাৰ্চবাৰ্গ, পেঞ্চিলভেনিয়া, সংযুক্ত যুক্তৰাষ্ট্ৰ |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
শিক্ষানুষ্ঠান | এম.আই. টি., বি.এছ.
১৯৮৯ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়, এম. এছ. ১৯৯০ UHCL,এম. এছ., ২০০১ |
পেচা | বিমান পৰীক্ষণ অভিযন্তা |
সামৰিক সেৱা | |
ৰেঙ্ক | Colonel, USAF অৱসৰপ্ৰাপ্ত |
ফিংকৰ জন্ম হৈছিল পেঞ্চিলভেনিয়াৰ পিটাৰ্চবাৰ্গত, কিন্তু তেওঁ উপকণ্ঠ অঞ্চল এমছৱৰ্থক তেওঁৰ গৃহ চহৰ বুলি ক'ব বিচাৰে। তেওঁ আমেৰিকাৰ বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু নাছাৰ এজন সক্ৰিয় মহাকাশচাৰী। এতিয়ালৈকে তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বিমান অভিযন্তা আৰু কমাণ্ডাৰ হিচাপে দুটা ভ্ৰমণ সম্পূৰ্ণ কৰিছে। তেওঁ এটা স্পেচ শ্বাটল মিছন এছটিএছ-১৩৪ত মিছন বিশেষজ্ঞ হিচাপে উৰা মাৰিছিল। ফিংক জাপানী আৰু ৰাছিয়ান ভাষাত পাৰ্গত। অসমীয়া জীয়ৰী ৰেনিতা শইকীয়াৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছে, আৰু তেওঁলোকৰ তিনিটা সন্তান আছে; পুত্ৰ চন্দ্ৰ আৰু সূৰ্য্য আৰু কন্যা তৰালী ।[1]