মহেঞ্জোদাৰো
From Wikipedia, the free encyclopedia
মহেঞ্জো-দাৰো বা মহেঞ্জোদাৰো (/moʊˌhɛndʒoʊ ˈdɑːroʊ/; উৰ্দু: موئن جو دڑو) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে মৃত লোকৰ টিলা।[1][2] ২৫০০ খ্ৰীষ্টপূৰ্বত স্থাপিত এই ঠাইখণ্ড সিন্ধু সভ্যতাৰ এক বৃহত্তম ক্ষেত্ৰ আৰু প্ৰাচীন ইজিপ্ট, মেচ'পটেমিয়া আদি সভ্যতাৰ সমসাময়িক বিশ্বৰ প্ৰধানতম প্ৰাচীন নগৰসমূহৰ অন্যতম। সিন্ধু সভ্যতাৰ পতনৰ পিছত ১৯শ খ্ৰীষ্টপূৰ্বত এই ঠাইখণ্ড পৰিত্যক্ত হৈ পৰে আৰু ১৯২০ চনলৈকে অনাৱিষ্কৃত হৈ পৰি থাকে। পৰৱৰ্তী কালত এই ঠাইত উল্লেখনীয়ভাৱে খননকাৰ্য চলোৱা হয় আৰু ১৯৮০ চনত ইয়াক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।[3] এই স্থান বৰ্তমান ভূমিস্খলন আৰু অনুপযুক্ত মেৰামতিৰ কাৰণে সংকটাপন্ন অৱস্থাত আছে।[4]
ক্ষিপ্ৰ তথ্য মহেঞ্জোদাৰো, দেশ ...
মহেঞ্জোদাৰো | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
দেশ | পাকিস্তান |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | ii, iii |
উদ্ধৃতি | ১৩৮ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এছিয়া পেছিফিক |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮০ (৪ৰ্থ অধিবেশন) |
বন্ধ কৰক