মহিলাৰ যৌনাংগ বিকৃতকৰণ
মহিলাৰ যৌনাংগ কটা বা আঁতৰোৱা কাৰ্য / From Wikipedia, the free encyclopedia
মহিলাৰ যৌনাংগ বিকৃতকৰণ (ইংৰাজী: Female genital mutilation), যাক মহিলাৰ যৌনাংগ কাটিব পৰা (female genital cutting), মহিলাৰ যৌনাংগ বিকৃত কৰা/কাটিব পৰা (female genital mutilation/cutting,FGM/C) আৰু মহিলাৰ চুন্নত (female circumcision) বুলিও কোৱা হয়৷ ই হৈছে মহিলাৰ বাহ্যিক যৌনাংগৰ কিছুমান বা সকলো অংশ কাটি পেলোৱা বা আঁতৰাই দিয়া। আফ্ৰিকা, এছিয়া আৰু মধ্যপ্ৰাচ্যৰ কিছুমান দেশত এই প্ৰথা দেখিবলৈ পোৱা যায়। ইউনিচেফে ২০১৬ চনত অনুমান কৰিছিল যে ৩০খন দেশৰ ২০ কোটি মহিলা এটা বা ততোধিক ধৰণৰ মহিলাৰ যৌনাংগ বিকৃতিৰ বলি হৈছে। ইয়াৰে ভিতৰত ইণ্ডোনেছিয়া, ইৰাক, য়েমেন আৰু ইজিপ্তকে ধৰি ২৭খন আফ্ৰিকান দেশ অন্তৰ্ভুক্ত৷[3] এফজিএম জন্মৰ পৰৱৰ্তী দিনটোৰ পৰা যৌৱনকাল আৰু তাৰ পৰৱৰ্তী সময়তো কৰা হয়। সাধাৰণতে পৰম্পৰাগত চুন্নতকাৰীয়ে ব্লেড ব্যৱহাৰ কৰে৷ ৰাষ্ট্ৰীয় পৰিসংখ্যা উপলব্ধ হোৱা দেশবোৰৰ আধা দেশত বেছিসংখ্যক ছোৱালীকেই পাঁচ বছৰ বয়সৰ আগতেই যৌনাংগ কৰ্তন কৰা হয়।[5] দেশ বা জনগোষ্ঠী অনুসৰি পদ্ধতিৰ ভিন্নতা থাকে। ইয়াৰ ভিতৰত ক্লিট’ৰেল হুড (টাইপ ১-ক) আৰু ক্লিট’ৰেল গ্লান্স (১-বি) আঁতৰোৱা; ভিতৰৰ লেবিয়া আঁতৰোৱা (২-ক); আৰু ভিতৰ আৰু বাহিৰৰ লেবিয়া আঁতৰোৱা আৰু ভলভা বন্ধ কৰা (টাইপ ৩)। ইনফিবুলেচন নামেৰে জনাজাত শেষৰ পদ্ধতিটোত প্ৰস্ৰাৱ আৰু ঋতুস্ৰাৱৰ তৰল পদাৰ্থৰ গতিৰ বাবে এটা সৰু ফুটা এৰি দিয়া হয়৷ যোনিখন যৌন সম্পৰ্কৰ বাবে মুকলি কৰি প্ৰসৱৰ বাবে অধিক মুকলি কৰা হয়।[6]
মহিলাৰ যৌনাংগ বিকৃতিৰ বিৰুদ্ধে অভিযান,উগাণ্ডাত | |||||
সংজ্ঞা | "অ-চিকিৎসা কাৰণত মহিলাৰ বাহ্যিক যৌনাংগ আংশিক বা সম্পূৰ্ণৰূপে আঁতৰোৱা বা মহিলাৰ যৌনাংগত কৰা অন্য আঘাত"। (বিশ্ব স্বাস্থ্য সংস্থা, ইউনিচেফ, আৰু ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিধি, ১৯৯৭).[1] | ||||
---|---|---|---|---|---|
ক্ষেত্ৰসমূহ | আফ্ৰিকা, দক্ষিণ এছিয়া, মধ্য প্ৰাচ্য আৰু এইসমূহ ঠাইত থকা সম্প্ৰদায়সমূহৰ মাজত[2] | ||||
সংখ্যা | ইণ্ডোনেছিয়া, ইৰাকী কুৰ্দিস্তান আৰু য়েমেন আদি ২৭খন আফ্ৰিকান দেশকে ধৰি পৃথিৱীৰ প্ৰায় ২০ কোটি মহিলা আৰু কন্যা[3] | ||||
বয়স | জন্মৰ পৰৱৰ্তী দিনৰ পৰা বয়:সন্ধিকাললৈকে[4] | ||||
ব্যাপ্তি | |||||
| |||||
|
লিংগ বৈষম্য, নাৰীৰ যৌনতাক নিয়ন্ত্ৰণৰ প্ৰয়াস, বিশুদ্ধতা, বিনয় আৰু সৌন্দৰ্য্যৰ বিষয়ে ধাৰণা আদিৰ মাজত এই প্ৰথাৰ মূল কাৰক। সাধাৰণতে ইয়াক মহিলাসকলে আৰম্ভ কৰে আৰু পৰিচালনা কৰে৷ যিসকলে ইয়াক সন্মানৰ উৎস হিচাপে লয় আৰু যিসকলে আশংকা কৰে যে তেওঁলোকৰ ছোৱালী আৰু নাতিনীয়েকৰ যৌনাংগ কাটিব নোৱাৰিলে ছোৱালীবোৰ সামাজিক বৰ্জনৰ সন্মুখীন হ'ব।[7] এই প্ৰথাৰ ফলত স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰে৷ ইয়াৰ ভিতৰত পুনৰাবৃত্তিমূলক সংক্ৰমণ, প্ৰস্ৰাৱ কৰা আৰু ঋতুস্ৰাৱৰ প্ৰৱাহৰ ক্ষেত্ৰত অসুবিধা, দীৰ্ঘদিনীয়া বিষ, চিষ্টৰ বিকাশ, গৰ্ভধাৰণ কৰিব নোৱাৰা, প্ৰসৱৰ সময়ত জটিলতা আৰু মাৰাত্মক ৰক্তক্ষৰণ আদি অন্যতম।[8] ইয়াৰ দ্বাৰা স্বাস্থ্যৰ কোনো উপকাৰ হৈছে বুলি জনা নাযায়।[6]
১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এফজিএম পৰিত্যাগ কৰিবলৈ অনুশীলনকাৰীসকলক পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াক সংঘটিত হোৱা বেছিভাগ দেশতে ইয়াক নিষিদ্ধ কৰা হৈছে৷ অৱশ্যে আইনসমূহ প্ৰায়ে আশানুৰূপভাৱে বলবৎ কৰা নহয়। ২০১০ চনৰ পৰা ৰাষ্ট্ৰসংঘই স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলক প্ৰসৱৰ পিছত পুনৰ ইনফিবুলেচন আৰু ক্লিট'ৰেল হুডৰ প্ৰতীকী "নিক"কে ধৰি সকলো ধৰণৰ পদ্ধতি বন্ধ কৰিবলৈ আহ্বান জনাইছে।[8] এই প্ৰথাৰ বিৰোধিতা সমালোচকৰ অবিহনে নহয়, বিশেষকৈ নৃতত্ত্ববিদসকলৰ মাজত, যিসকলে সাংস্কৃতিক আপেক্ষিকতাবাদ আৰু মানৱ অধিকাৰৰ সাৰ্বজনীনতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।[9]