মহিমা চৌধুৰী
From Wikipedia, the free encyclopedia
মহিমা চৌধুৰী (ইংৰাজী: Mahima Chaudhry) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল। নব্বৈৰ দশকত চৌধুৰীয়ে কেইটামান মডেলিং এচাইনমেণ্ট কৰিছিল আৰু চলচ্চিত্ৰ জগতত খোজ দিয়াৰ আগতে কেইবাটাও টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল। ১৯৯৭ চনত মুক্তি পোৱা পৰদেশৰ যোগে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু আৰু শ্ৰেষ্ঠ নবাগতাৰ ফিল্মফেয়াৰ বঁটা পায়। দাগ (১৯৯৯), ধড়কন (২০০০), কুৰুক্ষেত্ৰ (২০০০), বাগৱানকে (২০০৩) ধৰি কেইবাখনো ছবিত অভিনয় তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ লগতে দিল ক্যা কৰে (১৯৯৯), লজ্জা (২০০১) আৰু দোবাৰা (২০০৪) ছবি কেইখনে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে।
ক্ষিপ্ৰ তথ্য মহিমা চৌধুৰী, জন্ম ...
মহিমা চৌধুৰী | |
---|---|
২০১৮ চনত মহিমা | |
জন্ম | দাৰ্জিলিং, পশ্চিম বংগ, বাৰত[1] |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৯৭-বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | ববী মুখাৰ্জী (বি. ২০০৬; বিবি. ২০১৩)[2] |
সন্তান | আৰিয়ানা |
বন্ধ কৰক