মহাস্থানগড়
From Wikipedia, the free encyclopedia
মহাস্থানগড় (ইংৰাজী: Mahasthangarh)বাংলাদেশৰ এক অন্যতম প্ৰাচীন ঐতিহাসিক স্থান। এই প্ৰসিদ্ধ নগৰখন ইতিহাসত পুণ্ড্ৰবৰ্ধন বা পুণ্ড্ৰনগৰ নামেও পৰিচিত আছিল।[1][2][3] এটা সময়ত মহাস্থানগড় বাংলাদেশৰ ৰাজধানী আছিল। যীশু খ্ৰীষ্টৰ জন্মৰো আগতেই অৰ্থাৎ প্ৰায় আঢ়ৈ হাজাৰ বছৰ পূৰ্বেই যে ইয়াত সভ্য জনপদ গঢ়ি উঠিছিল, প্ৰত্নতাত্ত্বিক ভাৱে এই কথাৰ প্ৰমাণ পোৱা গৈছে। ২০১৬ চনত এই ঠাইক চাৰ্কৰ সাংস্কৃতিক ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
প্ৰাচীৰবেষ্টিত এই নগৰৰ ভিতৰত আছে বিভিন্ন সময়ৰ প্ৰত্নতাত্ত্বিক নিদৰ্শন। বহু শতাব্দী পৰ্যন্ত এই ঠাই মৌৰ্য, গুপ্ত, পাল, সেন আদি শাসকবৰ্গৰ প্ৰাদেশিক ৰাজধানী আৰু পৰবৰ্তীকালত হিন্দু সামন্ত ৰজাসকলৰ ৰাজধানী আছিল। তৃতীয় খ্ৰীষ্ট পূৰ্বৰ পৰা পঞ্চদশ খ্ৰীষ্টাব্দ পৰ্যন্ত অসংখ্য হিন্দু ৰাজা আৰু অন্যান্য ধৰ্মৰ ৰজাই ৰাজত্ব কৰিছিল। মহাস্থানগড়ৰ অৱস্থান বগুড়া জিলাৰ শিৱগঞ্জ উপজিলাত।[3] বগুড়া চহৰৰ পৰা প্ৰায় ১৮ কি.মি. উত্তৰে কৰতোৱা নদীৰ পশ্চিম তীৰলৈ গ’লে এই চহৰৰ ধ্বংসাৱশেষ দেখা যায়। ১৯৩১ চনত আৱিষ্কৃত হোৱা ব্ৰাহ্মী লিপিত প্ৰাকৃতত ছয়টা শাৰীত লিখা চূণশিলৰ ফলিত পোৱা ভূমিদান লিপিত লিপিৱদ্ধ মহাস্থানগড়ৰ তাৰিখমতে ই খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ৷ [4][5] মৌৰ্য সাম্ৰাজ্যত ই এখন গুৰুত্বপূৰ্ণ চহৰ আছিল্ খ্ৰীষ্টপূৰ্ব অষ্টম শতিকালৈ এই দুৰ্গম অঞ্চলটো ব্যৱহাৰ হৈ আছিল৷[2]