![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/82/World_ocean_map.gif/640px-World_ocean_map.gif&w=640&q=50)
মহাসাগৰ
From Wikipedia, the free encyclopedia
মহাসাগৰ (ইংৰাজী: Ocean) হৈছে অতি বিশাল আৰু লৱণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭০% জলৰাশিৰে আবৰা। এই বিপুল জলৰাশি আকৌ অনেক মহাসাগৰ আৰু সৰু সৰু সাগৰত বিভক্ত। মহাসাগৰৰ ইংৰাজী প্ৰতিশব্দ Ocean আহিছে গ্ৰীক ভাষাৰ শব্দ ‘অচিনোজ’ (Ὠκεανὸς)-ৰ পৰা।[1] অচিনোজ হৈছে গ্ৰীক পুৰাণৰ বাৰজন টাইটানৰ এজন। তেওঁ আছিল সমস্ত সামুদ্ৰিক জলভাগৰ আদি দেৱতা। টাইটানসকলৰ পৰাজয়ৰ পাছত পোচাইডন সমুদ্ৰৰ দেৱতা হয়। মহাসাগৰৰ অৰ্ধেকতকৈ বেছি অংশৰ গড় গভীৰতা ৪,২৬৭ মিটাৰ (১৩,৯৯৯ ফুট)-তকৈ বেছি।[2] বৈজ্ঞানিকসকলে হিচাপ কৰি দেখিছে যে, মহাসাগৰ প্ৰায় ২,৩০,০০০ সামুদ্ৰিক আৰু জলজ প্ৰাণী আছে। প্ৰকৃতপক্ষে ই নিৰ্ধাৰিত সংখ্যাতকৈ ১০ গুণ বেছি হ'ব পাৰে।[3]
![Rotating series of maps showing alternate divisions of the oceans](http://upload.wikimedia.org/wikipedia/commons/thumb/8/82/World_ocean_map.gif/320px-World_ocean_map.gif)