মহাত্মা গান্ধীৰ হত্যাকাণ্ড
From Wikipedia, the free encyclopedia
১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত (এতিয়া গান্ধী স্মৃতি) হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য,[1] আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) এজন পূৰ্বসদস্য আছিল।[2] গডছেই চিন্তা কৰিছিল যে ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত গান্ধীজীয়ে মুছলমানক যথেষ্ট সমৰ্থন কৰিছিল।[3][4][5] সাক্ষীসকলৰ মতে, গান্ধীয়ে ৫ বজালৈ ঘৰৰ পিছফালে লনৰ ওপৰলৈ উপনীত হয়। তেতিয়া তেওঁ প্ৰতি সন্ধিয়া সকলো ধৰ্মৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি আছিল। গান্ধীয়ে বেদি লৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে গডছে ভীৰৰ পৰা ওলাই আহি গান্ধীৰ সন্মুখত থিয় হয়, আৰু শূন্য পৰিসৰৰ পৰা গান্ধীৰ বুকুত আৰু পেটত তিনিটা গুলি নিক্ষেপ কৰে (অস্ত্ৰৰ পৰা নিক্ষেপিত গুলী ব্যক্তিজনক পোনপটীয়াকৈ আঘাত কৰিব পাৰে)।[6] গান্ধী মাটিত পৰি যায়। তেওঁক বিড়লা হাউছৰ পৰা তেওঁৰ ঘৰলৈ ঘূৰাই লৈ যোৱা হৈছিল, তাৰ কিছুসময়ৰ পিছত এজন প্ৰতিনিধি আহি তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে।[7]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
মহাত্মা গান্ধীৰ হত্যাকাণ্ড | |
---|---|
নতুন দিল্লীৰ বিড়লা হাউছৰ (এতিয়া 'গান্ধী স্মৃতি') সেই স্থান, য’ত ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীক সন্ধ্যা ৫:১৭.৩০ বজাত হত্যা কৰা হৈছিল। | |
স্থান | নতুন দিল্লী, ভাৰত |
তাৰিখ | ৩০ জানুৱাৰী ১৯৪৮ ১৭:১৭ (ভাৰতীয় মান সময়) |
লক্ষ্য | মোহনদাস কৰমচান্দ গান্ধী |
অস্ত্ৰ | বেৰেট্টা এম ১৯৩৪ আধা-স্বয়ংক্ৰিয় পিস্তল |
নিহত | ১ (গান্ধী) |
আক্ৰমণকাৰী | নাথুৰাম গডছে |