মহাকাশ যাত্ৰা
From Wikipedia, the free encyclopedia
মহাকাশ যাত্ৰা (ইংৰাজী: Spaceflight বা space flight) হৈছে মহাকাশত বা বহিঃ মহাকাশলৈ কৰা যাত্ৰা। মহাকাশ যাত্ৰা মানৱবিহীন নাইবা মানৱ পৰিবাহী হ'ব পাৰে। ছ'ভিয়েট সংঘৰ য়ুৰি গেগেৰিন আছিল মহাকাশ যাত্ৰা কৰা প্ৰথম মহাকাশচাৰী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এপ'ল' চন্দ্ৰ অভিযান আৰু স্পেছ ছাটল প্ৰগ্ৰেম আৰু ৰাছিয়ান ছুইছ প্ৰগ্ৰেম লগতে বৰ্তমান চলি থকা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আদি হৈছে মানৱ পৰিবাহী মহাকাশ যাত্ৰাৰ উদাহৰণ। মানৱবিহীন মহাকাশ যাত্ৰাৰ উদাহৰণ হৈছে, পৃথিৱী কক্ষপথৰ বাহিৰলৈ পঠিওৱা স্পেছ প্ৰ'ব, পৃথিৱী বা অন্য গ্ৰহ−উপগ্ৰহক প্ৰদক্ষিণ কৰি থকা কৃত্ৰিম উপগ্ৰহসমূহ, যেনে যোগাযোগকাৰী উপগ্ৰহ আদি। এই উপগ্ৰহবোৰ টেলিৰব'টিক পদ্ধতিৰে নাইবা সম্পূৰ্ণ স্বয়ংক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰা হয়।
মহাকাশৰ অধ্যয়নৰ বাবে মহাকাশ যাত্ৰা কৰা হয়, ইয়াৰোপৰি মহাকাশ পৰিভ্ৰমণ আৰু কৃত্ৰিম উপগ্ৰহীয় যোগাযোগৰ দৰে ব্যৱসায়িক কাৰণতো মহাকাশ যাত্ৰা কৰা হয়। মহাকাশ নীৰিক্ষণ, ভূ−নীৰিক্ষণ উপগ্ৰহ আদিৰ বাবেও মহাকাশ যাত্ৰা প্ৰয়োজনীয়।
আদৰ্শগতভাৱে ৰকেট উৎক্ষেপণৰ যোগেদি মহাকাশ যাত্ৰাৰ আৰম্ভণি হয়, ইয়াৰ ফলত মহাকাশ যানখন পৃথিৱীৰ মাধ্যকৰ্ষণ শক্তিৰ বিপৰীত দিশত গতি কৰি পৃথিৱীপৃষ্ঠৰ বাহিৰলৈ ওলাই যাবলৈ সক্ষম হয়। মহাকাশত প্ৰৱেশ কৰাৰ পিছত, মহাকাশ যানখনৰ প্ৰপেলযুক্ত আৰু প্ৰপেলহীন অৱস্থাৰ গতিৰ অধ্যয়নক মহাকাশগতি বিজ্ঞান (Astrodynamics) বোলা হয়। কিছুমান মহাকাশ যান মহাকাশতে থাকি যায়, কিছুমান পুনৰ প্ৰেৰণৰ বাবে নমাই অনা হয় আৰু কিছুমান গ্ৰহ বা উপগ্ৰহৰ পৃষ্ঠত অৱতৰণ অথবা সংঘৰ্ষ কৰোৱা হয়।