মনোজ কুমাৰ
From Wikipedia, the free encyclopedia
মনোজ কুমাৰ (ইংৰাজী: Manoj Kumar ; জন্ম: হৰিকৃষ্ণণ গোস্বামী; ২৪ জুলাই ১৯৩৭) হিন্দী চলচ্চিত্ৰৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু সম্পাদক। তেওঁ দেশপ্ৰেমমূলক বিষয়বস্তুৰ ছবি নিৰ্মাণ আৰু অভিনয়ৰ বাবে পৰিচিত। তেওঁক ভাৰত কুমাৰ উপনামেৰে জনা যায়।[upper-alpha 1] কুমাৰে বিভিন্ন শাখাত এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ভাৰতীয় চলচ্চিত্ৰ আৰু কলালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ভাৰত চৰকাৰে ১৯৯২ চনত পদ্মশ্ৰী আৰু ২০১৬ চনত দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে।
ক্ষিপ্ৰ তথ্য মনোজ কুমাৰ, জন্ম ...
মনোজ কুমাৰ | |
---|---|
মনোজ কুমাৰ | |
জন্ম | হৰিকৃষ্ণণ গোস্বামী ২৪ জুলাই, ১৯৩৭ (৮৬ বছৰ) এবোট্টাবাদ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ খাইবাৰ পাখটুনখ্বা, পাকিস্তান) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | ভাৰত কুমাৰ |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৫৭-১৯৯৯ |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | শশী গোস্বামী |
সন্তান | কুণাল গোস্বামীকে ধৰি ২জন |
বন্ধ কৰক