মথুৰা পেড়া
ভাৰতীয় মিঠাই / From Wikipedia, the free encyclopedia
মথুৰা পেড়া (Mathura Peda) এক উত্তৰ ভাৰতীয় অতি জনপ্ৰিয় মিঠাই। ইয়াৰ উৎপত্তিস্থল ভাৰতৰ মথুৰা। গাখীৰৰ পৰা প্ৰস্তুত কৰা উত্তৰ ভাৰতীয় এক উপকৰণ খয়া বা মাৱাৰ পৰা তৈয়াৰ কৰা হয়।[1] মথুৰা পেড়া ভাৰতত ইমানেই প্ৰসিদ্ধ তথা জনপ্ৰিয় যে মুখে মুখে বহুতো যোজনা যেনে "मथुरा का पेड़ा औ छत्तीसगढ़ का खेड़ा" (অৰ্থাৎ মথুৰাৰ পেড়া আৰু ছত্তিসগড়ৰ খেড়া) প্ৰচলিত।[2] পেড়াৰ বাবে মথুৰাৰ এক বাণিজ্যিক চিন্হ বা ট্ৰেডমাৰ্ক হিচাপে ব্যৱহৃত হয়।[3] ভ্ৰমণ কালত মথুৰাৰ পেড়া, মেৱা ভাতি পেড়া আৰু ৰপ্তানিযোগ্য বিশেষ পেড়ায়ে পৰ্যটক সকলক আকৃষ্ট কৰে।[4]এই মিঠাই খাদ্যৰ পদ হিচাপে ভাৰতৰ ভৌগলিক অস্তিত্বৰ ইংগিত দিয়ে।
ক্ষিপ্ৰ তথ্য অন্য নাম, প্ৰকাৰ ...
অন্য নাম | মথুৰা কে পেড়ে |
---|---|
প্ৰকাৰ | জলপান, প্ৰসাদ |
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | মথুৰা,উত্তৰ প্ৰদেশ |
মুখ্য উপাদান | খয়া, চেনি, গাখীৰ |
ভিন্ন প্ৰকাৰ | মথুৰাৰ পেড়া, মেৱা ভাতি পেড়া আৰু ৰপ্তানিযোগ্য বিশেষ পেড়া |
বন্ধ কৰক