![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/bb/Vishnu_Mandala.jpg/640px-Vishnu_Mandala.jpg&w=640&q=50)
মণ্ডল
From Wikipedia, the free encyclopedia
মণ্ডল (সংস্কৃত: मण्डल , ইংৰাজী: Mandala) হৈছে হিন্দু আৰু বৌদ্ধধৰ্মীয় ৰেখা গণিতেৰে অঙ্কিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা-আৰাধনা বা ধ্যানৰ পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়। ইয়াক হয়তো ভক্তসকলৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিবলৈ আৰু আধ্যাত্মিক নিৰ্দেশনৰ সৰঞ্জাম হিচবেও ব্যৱহাৰ কৰা হয়। হিন্দু, বৌদ্ধ, জৈন আৰু শিন্তো আদি পূৰ্ব দিশৰ ধৰ্মবিলাকত ইয়াক দেৱ-দেৱীৰ প্ৰতিনিধিত্বকাৰী মানচিত্ৰ হিচাবে ব্যৱহাৰ কৰা হৈছিল। বিশেষভাৱে শিন্তুো ধৰ্মৰ ক্ষেত্ৰত মণ্ডলক স্বৰ্গ, ভগৱান বা পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়।[1][2]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/b/bb/Vishnu_Mandala.jpg/320px-Vishnu_Mandala.jpg)
খৃষ্টপূৰ্বৰ প্ৰথম শতাব্দীত, মণ্ডল ভাৰতবৰ্ষত উৎপত্তি হৈছিল আৰু প্ৰথমে বৌদ্ধ ধৰ্মত বৌদ্ধিক শিল্প কলা হিচাবে প্ৰদৰ্শন কৰা হৈছিল৷[3] এই নতুন যুগত মণ্ডলটো এটা চিত্ৰ, তালিকা বা ৰেখা গণিতৰ নমুনা হিচাবে গণ্য কৰি বিশ্বব্ৰহ্মাণ্ডৰ সময়-ক্ষুদ্ৰবিশ্বৰ প্ৰতিক হিচাবে বৰ্ণনা কৰা হয়। প্ৰথমে ইয়াক এটা অখণ্ড বস্তু আৰু জীৱনৰ সাংগঠানিক গঢ় ৰূপে চিত্ৰঙ্কিত কৰা হৈছিল।