মণ্টাগ'-ছেমচফৰ্ড সংস্কাৰ
From Wikipedia, the free encyclopedia
মণ্টাগ'-ছেমচফৰ্ড সংস্কাৰ (ইংৰাজী: Montagu–Chelmsford Reforms) অথবা চমুকৈ ক'বলৈ গ'লে মণ্ট-ফৰ্ড সংস্কাৰ ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছশাসিত ভাৰতত ক্ৰমান্বয়ে স্ব-শাসিত প্ৰতিষ্ঠান প্ৰৱৰ্তন কৰাৰ পদক্ষেপ লোৱা হৈছিল৷ এই সংস্কাৰসমূহৰ নামকৰণটো এডৱিন মণ্টাগ' আৰু লৰ্ড ছেমচফৰ্ডৰ আধাৰত কৰা হৈছিল৷ এডৱিন মণ্টাগ'য়ে ১৯১৭ চনৰ পৰা ১৯২২ চনলৈকে ভাৰতৰ ছেক্ৰেটাৰী অৱ ষ্টেট হিচাপে দায়িত্ব পালন কৰিছিল৷ আনহাতে লৰ্ড ছেমচফৰ্ডে ১৯১৬ চনৰ পৰা ১৯২১ চনলৈকে ভাৰতৰ ভাইচৰয় হিচাপে নিযুক্ত হৈছিল৷ এই সংস্কাৰসমূহ মণ্টাগ'-ছেমচফৰ্ড প্ৰতিবেদনত (১৯১৮ চনত প্ৰস্তুত কৰা) লিপিবদ্ধ কৰা হৈছিল৷ এই সংস্কাৰসমূহে ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ সাৰাংশটো গঠন কৰিছিল৷ এইবোৰ নীতি জড়িত হৈছিলগৈ সাংবিধানিক সংস্কাৰৰ লগত৷ এই আইনখনৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ আছিল:
১. সাম্ৰাজ্যিক বিধান পৰিষদত এতিয়াৰ পৰা দুটা গৃহ থাকিব: কেন্দ্ৰীয় বিধানসভা আৰু ৰাজ্য পৰিষদ৷
২. প্ৰদেশসমূহে দ্বৈত চৰকাৰ প্ৰণালী (Diarchy) অনুসৰণ কৰিব৷
১৯১৭ চনৰ শেষৰফালে, মণ্টাগ' ভাৰতলৈ আহি তেতিয়াৰ ভাইচৰয় লৰ্ড ছেমচফৰ্ড আৰু ভাৰতীয় সমূদায়ৰ নেতাসকলক লগ কৰিছিল৷ তেওঁলোকে ভাৰতত সীমিতভাৱে স্ব-চৰকাৰ আৰম্ভ কৰাৰ আলোচনা কৰিছিল৷ ইয়াৰ লগতে সংখ্যালঘূৰ সুৰক্ষাৰ বিষয়টোও আলোচিত হৈছিল৷ মণ্টাগ'ৱে ভূপেন্দ্ৰ নাথ বসু, ৰিচাৰ্ড হেলি-হাটছিনছন, উইলিয়াম ডিউক আৰু চাৰ্লছ ৰবাৰ্টছ সৈতে এখন প্ৰতিবেদন তৈয়াৰ কৰিছিল৷ [1]
প্ৰতিবেদনখন ১৯১৮ চনৰ ২৪ মে' আৰু ৭ জুনত কেবিনেটৰ সমুখত উপস্থাপন কৰা হৈছিল আৰু ১৯১৯ ভাৰত চৰকাৰ আইনত সংযুক্ত কৰা হৈছিল৷ ভোটাধিকাৰ সম্প্ৰসাৰিত কৰা হৈছিল৷ কেন্দ্ৰীয় আৰু প্ৰাদেশিক বিধান পৰিষদসমূহক কৰ্তৃত্বৰ বৰ্ধন ঘটোৱা হৈছিল, কিন্তু ভাইচৰয়জন কেৱল লণ্ডনৰ ওচৰতেই দায়বদ্ধ আছিল।[2]