মণি ভৱন
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
মণি ভৱন(ইংৰাজী: Mani Bhavan) হৈছে ভাৰতৰ মুম্বাইত অৱস্থিত এক ঐতিহাসিক অট্টালিকা, য’ত মহাত্মা গান্ধীয়ে দীৰ্ঘদিন ধৰি বাস কৰিছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। এইটো আছিল ১৯১৭ চনৰ পৰা ১৯৩৪ চনলৈকে গান্ধীজীৰ বাসগৃহ। এই ভৱনটো মুম্বাইৰ গামদেৱী অঞ্চলৰ ১৯ লাবাৰ্নাম ৰোডত অৱস্থিত। এই ভৱনটো গান্ধীজীৰ বন্ধু ৰেভাশংকৰ জগজীৱন ঝাভেৰীৰ আছিল। ১৯৫৫ চনত গান্ধীৰ স্মৃতিসৌধ হিচাপে ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে এই ভৱনটো গান্ধী স্মাৰক নিধিয়ে দখল কৰে। মণি ভৱনৰ তলৰ মহলাত এটা পুথিভঁৰাল আছে য’ত মহাত্মা গান্ধী আৰু তেওঁৰ চিন্তা সম্পৰ্কীয় প্ৰায় ৫০ হাজাৰ গ্ৰন্থ আছে। লগতে এই ভৱনত গান্ধী সম্পৰ্কীয় প্ৰাথমিক উৎসবোৰ, তেওঁৰ থকা কোঠা, চিনেমা, ফটো আদি সংগ্ৰহিত হৈ আছে। এই ভৱনটোক বৰ্তমান ‘মণি ভৱন গান্ধী সংগ্ৰহালয়’ বুলি কোৱা হয়।[1] ভৱনৰ প্ৰথম মহলালৈ চিৰি বগাই যোৱাৰ সময়ত দেৱালত ওলমি থকা মহাত্মা গান্ধীৰ বহু ছবি দেখিবলৈ পোৱা যায়। প্ৰথম মহলাত এটা সৰু প্ৰেক্ষাগৃহও আছে।
মণি ভৱন আছিল গান্ধীৰ কাৰ্যকলাপ আৰু আন্দোলনৰ বাবে বোম্বাই (বৰ্তমান মুম্বাই) মহানগৰীৰ স্নায়ু কেন্দ্ৰ। মণি ভৱনৰ পৰা গান্ধীজীয়ে ৰাউলেটৰ প্ৰথমটো দেশজোৰা সত্যাগ্ৰহ আৰম্ভ কৰে। আৰম্ভ কৰে, খিলাফত আৰু অসহযোগ আন্দোলন। [2] ইয়াৰপৰাই গান্ধীজীয়ে সহকৰ্মীসকলৰ সৈতে আলোচনা কৰিছিল আৰু অনুগামীসকলক অহিংসা আৰু সত্যাগ্ৰহৰ কৌশলৰ বিষয়ে অৱগত কৰিছিল। এই ঠাইৰ পৰা তেওঁ গঢ় দিছিল, ভাৰতীয় স্বাধীনতা সংগ্ৰাম। এই সময়ছোৱাত এই সদনত বহু সভা অনুষ্ঠিত হৈছিল য’ত দেশৰ ডাঙৰ ডাঙৰ নেতাসকলে অংশগ্ৰহণ কৰিছিল। গ্ৰীষ্মকালত এই ভৱনৰ ছাদত সভা অনুষ্ঠিত হৈছিল। ১৯১৭ৰ পৰা ১৯৩৪ চনৰ সময়ছোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল যেতিয়া অসহযোগ আন্দোলন, দাণ্ডী পদযাত্ৰা, অসহযোগ আন্দোলন আদি সাধাৰণ জনতাৰ সৈতে জড়িত আন্দোলনসমূহ সংঘটিত হৈছিল। মণি ভৱনৰ পৰাই গান্ধীজীয়ে আৰম্ভ কৰা ৰাউলেট আইনখনৰ প্ৰথমটো দেশব্যাপী সত্যাগ্ৰহ খিলাফত আৰু অপাৰেচন আন্দোলন হৈছিল। আজি এই অট্টালিকা এক স্মৃতিসৌধ হিচাপে থিয় দিছে, যʼত আছে গান্ধীৰ জীৱন আৰু শিক্ষা সম্পৰ্কীয় বহুতো সংৰক্ষিত সামগ্ৰী।[3]
১৯১৮ চনত খেদা সত্যগ্ৰহ চলি থাকোঁতে, গান্ধীজী গ্ৰহণী ৰোগত আক্ৰান্ত আছিল, আৰু তেওঁৰ স্বাস্থ্যৰো অৱনতি ঘটিছিল। তেওঁক মুম্বাইৰ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ কোৱা হৈছিল। মুম্বাইত ডাঃ দলালে গান্ধীক পৰামৰ্শ দিছিল যে তেওঁ পুনৰ শক্তি লাভ কৰিবলৈ তেওঁৰ বাবে গাখীৰ খোৱাটো প্ৰয়োজন। কিন্তু ডাক্তৰৰ পৰামৰ্শৰ লগত গান্ধী একমত নহ’ল। তেওঁ ডাঃ দলালক কৈছিল যে দুগ্ধ ব্যৱসায়ত গৰু বা ম’হৰ গাখীৰ খিৰোৱা এক নিষ্ঠুৰ প্ৰথা। সেয়ে তেওঁ গৰু বা ম’হৰ গাখীৰ নোখোৱাৰ প্ৰতিজ্ঞা কৰিছিল। গান্ধীৰ পত্নী কস্তুৰবা গান্ধী তেতিয়া বিছনাৰ কাষত ডাক্তৰ আৰু গান্ধীৰ কথা-বতৰা শুনি থিয় হৈ আছিল। কস্তুৰবা গান্ধীয়ে তেতিয়া মধ্যস্থতা কৰি ক’লে “কিন্তু নিশ্চয় ছাগলীৰ গাখীৰৰ প্ৰতি আপোনাৰ আপত্তি থাকিব নোৱাৰে তেতিয়াহলে?" [4]। ডাক্তৰে লগে লগে ছাগলীৰ গাখীৰ খোৱাটো পৰ্যাপ্ত বুলি মান্তি হ'ল। তেতিয়াৰ পৰাই গান্ধীয়ে ছাগলীৰ গাখীৰ খাবলৈ আৰম্ভ কৰিলে। তেনে সময়তে ৰেৱাশংকৰভাইয়ে গান্ধীজীক সুস্থ হ’বলৈ তেওঁৰ লগত মণি ভৱনত থাকি বিশ্ৰাম লʼবলৈ নিমন্ত্ৰণ জনাইছিল, আৰু গান্ধী তেতিয়াৰ পৰাই মণি ভৱনত থাকিবলৈ লৈছিল।[4]
১৯১৭ চনত মহাত্মা গান্ধীয়ে দৈনিক মণি ভৱনৰ ওচৰলৈ অহা এজন ব্যক্তিৰ পৰা কপাহী জিনৰ প্ৰথম পাঠ শিকিছিল। ইয়াৰ উপৰিও তেওঁ ইয়াত যঁতৰ চলাবলৈ শিকিছিল।[5] ইয়াৰ পৰাই তেওঁ ইংৰাজী ‘ইয়ং ইণ্ডিয়া’ আৰু গুজৰাটী ‘নৱজীৱন’ সাপ্তাহিক কাকত চলোৱাৰ দায়িত্ব লয়। ইয়াত থকাৰ সময়ছোৱাত তেওঁ কেইবাবাৰো ৰোজা পালন কৰিছিল আৰু সংগীসকলৰ সৈতে আলোচনা কৰিছিল। গান্ধী থকাৰ সময়ত ব্যৱহাৰ কৰা কোঠাটো দ্বিতীয় মহলাত, য’ত কাঁচৰ বিভাজনৰ মাজেৰে মানুহে তেওঁৰ যঁতৰ, এখন কিতাপ আৰু মজিয়াত তেওঁৰ বিছনাখন দেখা পায়। সেই কোঠাটোৰ ঠিক বিপৰীতে এটা হল আছে য’ত তেওঁৰ জীৱনকালৰ ফটো আৰু চিত্ৰ প্ৰদৰ্শন কৰা হৈছে।
১৯৩২ চনৰ ৪ জানুৱাৰীৰ পুৱা মণি ভৱনৰ ছাদত থকা তম্বুৰ পৰা গান্ধীজীক গ্ৰেপ্তাৰ কৰা হয়। ১৯৩৪ চনৰ ২৭ আৰু ২৮ জুনত ইয়াত কংগ্ৰেছ কৰ্মী সমিতিৰ আন এখন বৈঠক অনুষ্ঠিত হয়। এয়া আছিল মহাত্মা গান্ধীৰ মণি ভৱনত থকা শেষ সময়। গ্ৰেপ্তাৰ হোৱাৰ ঠিক আগদিনা গান্ধীজীয়ে মণি ভৱনৰ পৰা নিজৰ যন্ত্ৰণা প্ৰকাশ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰলৈ চিঠি লিখিছিল-
“Dear Gurudev, I am just stretching my tired limbs on the mattress and as I try to steal a wink of sleep I think of you. I want you to give your best to the sacrificial fire that is being lighted. With love,
M.K.Gandhi. January 3,1932.” [6]
“প্ৰিয় গুৰুদেৱ, মই এয়া বিছনাত মোৰ ভাগৰুৱা হাত-ভৰিবোৰ প্ৰসাৰিত কৰি চকু মুদিবলৈ চেষ্টা কৰি থাকোঁতে আপোনাৰ কথা মনলৈ আহিছে। মই বিচাৰো আপুনি যাতে জ্বলি থকা বলিদানৰ জুইত আপোনাৰ সকলো প্ৰচেষ্টা আগবঢ়ায়। মৰমেৰে,
এম.কে.গান্ধী। ৩ জানুৱাৰী, ১৯৩২ চন।”
২০১০ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ’বামাই মণি ভৱন ভ্ৰমণ কৰে। বিগত ৫০ বছৰৰ ভিতৰত মণি ভৱন গান্ধী সংগ্ৰহালয় ভ্ৰমণ কৰা অ’বামা প্ৰথমজন হাই-প্ৰফাইল আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থী হিচাপে পৰিগণিত হয়।[7]ৰাষ্ট্ৰপতি বাৰাক অ’বামাই গান্ধীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কৈছিল যে; গান্ধী “কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ বাবেও এজন নায়ক”।[8] তেওঁৰ আগতে কেৱল মাৰ্টিন লুথাৰ কিং জুনিয়ৰে ১৯৫০ চনত মণি ভৱন ভ্ৰমণ কৰিছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.