মকৰ
From Wikipedia, the free encyclopedia
মকৰ (সংস্কৃত: मकर ) হিন্দুধৰ্মৰ আখ্যানসমূহৰ এক কিংবদন্তিমূলক সামুদ্ৰিক প্ৰাণী। হিন্দু জ্যোতিষশাস্ত্ৰৰ মতে মকৰ হৈছে মকৰ ৰাশিৰ চিহ্ন। ই গংগা দেৱী, নৰ্মদা দেৱী আৰু জলভাগৰ অধিপতি দেৱতা বৰুণৰো বাহন।[1] মকৰক তোৰণ আৰু দুৱাৰদলিৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। সিংহাসনৰ কোঠালিৰ লগতে মন্দিৰসমূহত প্ৰৱেশপথ সুৰক্ষিত কৰাৰ বাবে আৰু পানীৰ ফোঁৱাৰাৰ নিৰ্গমন নলী হিচাপে হিন্দু আৰু বৌদ্ধ মন্দিৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত সঘনাই মকৰৰ মূৰ্তি ব্যৱহাৰ হয়। মকৰৰ আকৃতিৰ মকৰকুণ্ডল নামৰ কাণফুলি হিন্দু দেৱতাসকলে পিন্ধা দেখা যায়। উদাহৰণ স্বৰূপে শিৱ, বিষ্ণু, সূৰ্য আৰু চণ্ডীয়ে মকৰকুণ্ডল পৰিধান কৰে। মকৰ প্ৰেমৰ দেৱতা কামদেৱৰ প্ৰতীক। তেওঁক মকৰধ্বজ নামেৰেও জনা যায়। ইয়াৰ অৰ্থ হৈছে "যাৰ পতাকাত মকৰ অৱস্থিত।"