ভৌম ৰাজবংশ
From Wikipedia, the free encyclopedia
ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে।[2] মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল। এই বংশ শোণিতপুৰৰ (মধ্য অসম) বাণ বংশৰ সমসাময়িক আছিল।
ক্ষিপ্ৰ তথ্য
ভৌম ৰাজবংশ | ||||
পোৰাণিক | ||||
| ||||
ৰাজধানী | প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী) [1] | |||
চৰকাৰ | ৰাজতন্ত্ৰ | |||
মহাৰাজ | নৰকাসুৰ | |||
ভগদত্ত | ||||
কাল | লৌহ যুগ | |||
- স্থাপিত | ??? | |||
- পতন | ??? | |||
Warning: Value specified for "continent" does not comply |
বন্ধ কৰক
দানৱ ৰাজবংশৰ শেষ ৰজা ঘটকাসুৰক বধ কৰি বিদেহৰ নৰকে এই বংশ প্ৰতিষ্ঠা কৰিছিল।[2] কালিকা পুৰাণত নৰকক ধৰিত্ৰী বা ভূমিদেৱীৰ পুত্ৰ বুলি কোৱা হৈছে।[3] সেয়ে নৰকৰ বংশক ভৌম বংশ বুলিও জনা যায়।