ভেকুলী বিয়া
From Wikipedia, the free encyclopedia
ভেকুলী বিয়া প্ৰধানতঃ ভাৰত আৰু নেপালত প্ৰচলিত এক লোকাচাৰ। অসমৰ বহু ঠাইত বৰষুণ কামনা কৰি ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাঁট দিয়ে। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। শালিধানৰ খেতি আৰম্ভ কৰাৰ সময়ত বৰষুণ নহ’লে অসমৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে ‘ভেকুলী বিয়া’ অনুষ্ঠানৰ আয়োজন কৰে। সাধাৰণতে জেঠ-আহাৰ মাহত পালন কৰা এই লোকাচাৰ পালনৰ ফলত বৰষুণ হোৱাটো নিশ্চিত বুলি অসমৰ জনমানসত দৃঢ় ধাৰণা আছে।[1] অসমীয়া বিবাহ উৎসৱৰ পৰাম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কৰি বৰষুণ কামনা কৰে। প্ৰধানকৈ লোক অভিজ্ঞতাৰ আধাৰত প্ৰতিষ্ঠিত এই লোকাচাৰৰ সৈতে সাদৃশ্যধৰ্মী যাদুও সংযুক্ত হৈ আছে। ভেকুলী বিয়াৰ ফলত ভেকুলীৰ বংশ বৃদ্ধি হ’ব আৰু এনেদৰে বৃদ্ধি পোৱা ভেকুলীবিলাক থাকিবৰ বাবে প্ৰয়োজন হোৱা অধিক পানীৰ অভাৱ পূৰাবলৈ নিশ্চিতভাৱে বৰষুণ হ’ব – এয়া লোক-সমাজৰ দৃঢ় বিশ্বাস। লোক অভিজ্ঞতা আৰু লোকবিশ্বাসৰ আধাৰত গঢ় লৈ উঠা ভেকুলী বিয়া লোকাচাৰে লোক সমাজত নিৰ্মল আনন্দৰ জোৱাৰ তোলে। ভেকুলী বিয়াত নাৰীসকলে পৰিৱেশন কৰা বিয়ানামসমূহ সাধাৰণতে ধেমেলীয়া ধৰণৰ হয়।[1]
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|