ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি From Wikipedia, the free encyclopedia
ভূমিকম্প বা ভূঁইকঁপ (ইংৰাজী: Earthquake) হৈছে পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি। ভূগৰ্ভৰ শিলাস্তৰসমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষণীয় (ইংৰাজী: Gravitional) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে। ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু হয় আৰু কেতিয়াবা তীব্ৰ হয়। কেতিয়াবা ই ইমান তীব্ৰ হয় যে মানুহৰ ঘৰ-দুৱাৰ ভাঙি পৰে,ভূ-পৃষ্ঠত গভীৰ ফাট মেলে,কোনো দ ঠাই ওপৰলৈ উঠি আহে আৰু কোনো বাম ঠাই তললৈ বহি যায়। ভূমিকম্পৰ উৎস হৈছে পৃথিৱীৰ অভ্যন্তৰত। পৃথিৱীৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ অভিকেন্দ্ৰ (Focus) বোলা হয়। অভিকেন্দ্ৰটো ভূ-পৃষ্ঠৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে। কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্ঠৰ বিন্দুটোক উপকেন্দ্ৰ (ইংৰাজী: Epicentre) বোলে। ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখন (ইংৰাজী: Seismograph) যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে।[1]
ভূমিকম্পৰ পৰা সৃষ্টি হোৱা তৰংগক সাধাৰণতে দুই প্ৰকাৰত ভাগ কৰিব পাৰি[2]
এই বিধ তৰংগ ভূ-পৃষ্ঠৰ মাজেৰে গতি কৰে। ই দুই প্ৰকাৰৰ
এই তৰংগৰ গতিবেগ বাকীবোৰ তৰংগতকৈ অধিক। এই তৰংগই যিটো মাধ্যমেৰে যায় তাত ইয়াৰ গতিৰ দিশত কম্পনৰ সৃষ্টি কৰে[2]। ইহঁতক সেইকাৰণে অনুদৈৰ্ঘ্যিক তৰংগ (Longitudinal wave) বোলে।
ভূমিকম্পৰ দ্বিতীয় বিধ তৰংগৰ নাম 'S' তৰংগ নাইবা অনুপ্ৰাস্থিক তৰংগ (Transverse wave)। এইবিধ তৰংগৰ কঁপনি ইয়াৰ গতি পথৰ উলম্বিক দিশত হয়। এই তৰংগৰ প্ৰভাৱত শিলৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়।
এইবিধে উৎসৰ পৰা ভূ-ত্বকৰ উপৰি ভাগেদি গতি কৰে। [1][2]
এইবোৰৰ উপৰিও ভূমিগত খনি অঞ্চলত যেতিয়া ওপৰৰ পৰা বিৰাট অংশ একোটা তলৰ খালী ঠাইত খহি পৰে তেতিয়াও ভূমিকম্প হয়। [1]
ভূমিকম্পই পৃথিৱীৰ উপৰিভাগত হঠাতে পৰিৱৰ্তন ঘটায়।
কিছুমান বিশেষ ভূতাত্ত্বিক অৱস্থালৈ লক্ষ্য ৰাখি পৃথিৱীৰ কেতবোৰ অঞ্চল ভূমিকম্প অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে।
এই অঞ্চলসমূহ হৈছে - আল্পছ,ককেছাছ,হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চল,পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য আমেৰিকাত প্ৰায় ২১ শতাংশ ভূমিকম্প হয়। পৃথিৱীৰ আন আন অঞ্চলত বাকী ১১শতাংশ ভূমিকম্প হয়। ভূমিকম্প সংঘটিত হোৱা ভূমধ্য অঞ্চলৰ ভিতৰত হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ উত্তৰ-পূব ভাৰত অন্তৰ্ভুক্ত হৈছে। অসম,অৰুণাচল প্ৰদেশ,মণিপুৰ,মেঘালয়,মিজো হিলচ,নগালেণ্ড আৰু ত্ৰিপুৰা এই অঞ্চলত ধৰা হৈছে। বি.চি.এলেনৰ মতে ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পটো আটাইতকৈ ভয়ানক আছিল।[1]
ইয়াতে মাৰিলোঁ টিপা।
গড়গাঁও পালেগৈ শিপা॥
- “ভূঁইকঁপ।”
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.