ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্যবাহী স্থানৰ সংখ্যা হ'ল ২৯ টা।[1] ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান।[2] ১৯৭২ চনৰ ১৭ অক্টোবৰ পৰা ২২ নবেম্বৰ পৰ্যন্ত ইউনেস্কোৰ এটি সাধাৰণ সম্মিলনৰ পাছত ১৯৯৭ চনৰ ১৭ নবেম্বৰত বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবাহী স্থানসমূহ সংৰক্ষণাৰ্থে উক্ত চনদটো গৃহীত হৈছিল। চনদত মুঠ ২৮টা অনুচ্ছেদ আছে। সাধাৰণভাবে স্মাৰক, স্মাৰকস্থল আৰু স্মাৰক স্তম্ভ বা কেন্দ্ৰসমূহ সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে প্ৰথম অনুচ্ছেদত বৰ্ণিত হৈছে। দ্বিতীয় অনুচ্ছেদত প্ৰাকৃতিক বিশেষত্ব, ভূতাত্বিক আৰু প্ৰাকৃতিক ভূগোল সংক্ৰান্ত স্থান আৰু প্ৰাকৃতিক স্থলসমূহক প্ৰাকৃতিক ঐতিহ্যবাহী স্থান আখ্যা দিয়া হৈছে। এই পৰ্যন্ত বিশ্ব ঐতিহ্য তালিকাত মুঠ ৯১১টা সম্পত্তি আছে। তৰে ৭১১টা সাংস্কৃতিক স্থান, ১৮০টা প্ৰাকৃতিক স্থান আৰু ২৭টা মিশ্ৰ সম্পত্তি। ভাৰত সহ ১৫২খন দেশ লৈ আছে এই স্থান সমূহ আছে।[3] ভাৰত সহ ১৮৭খন দেশে এই চনদত সাক্ষৰ কৰিছে। ভাৰতে এই চনদত সাক্ষৰ কৰে ১৯৭৭ চনৰ ১৪ নবেম্বৰত।[4]
এই প্ৰবন্ধৰ উন্নীতকৰণৰ প্ৰয়োজন। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি প্ৰবন্ধ উন্নত কৰক। বিতং ভাৱে জানিবৰ বাবে আলোচনা পৃষ্ঠা চাওক। |
আগ্ৰা কিল্লা আৰু অজন্তা গুহা সৰ্বপ্ৰথম ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা পায়। ১৯৮৩ চনত সপ্তম বিশ্ব ঐতিহ্য অধিবেশনত উক্ত স্থানদুটা বিশ্ব ঐতিহ্যৰ মৰ্যাদা লাভ কৰিছিল। পৰৱৰ্তী বছৰসমূহত আৰু ২৬টা কেন্দ্ৰৰ নাম এই তালিকাত যুক্ত হয়। ২০১০ চনত বিশ্ব ঐতিহ্য স্বীকৃতিপ্ৰাপ্ত জয়পুৰৰ যন্তৰ মন্তৰ দেশৰ সাম্প্ৰতিক বিশ্ব ঐতিহ্যবাহী স্থান। ভাৰতৰ ২৯টা বিশ্ব ঐতিহ্য কেন্দ্ৰৰ মাজত ২৩টা সাংস্কৃতিক কেন্দ্ৰ আৰু অৱশিষ্ট ৬টা প্ৰাকৃতিক কেন্দ্ৰ। ইয়াৰোপৰি ৩৩টা কেন্দ্ৰ বা সম্পত্তিৰ নাম ভাৰতৰ সম্ভাব্য বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিছে।[1]